শিৱসাগৰ,৩জুলাই : শিৱসাগৰ জিলাৰ গৌৰীসাগৰ আৰক্ষী চকীৰ উপ আৰক্ষীৰ পৰিদৰ্শক বিদ্যুৎ বিকাশ বৰুৱাৰ বিৰুদ্ধে অভিযোগ এগৰাকী মহিলাৰ ।
উল্লেখ্য যে, ২৮ জুনত গৌৰীসাগৰ আৰক্ষীয়ে শিৱসাগৰৰ বাবুপট্টিৰ বাদল দে' নামৰ এজন সোণাৰিক চুৰি সোণ ক্ৰয় কৰাৰ অপৰাধত গ্ৰেপ্তাৰ কৰিছিল । সোণাৰিজনক ৰখা হৈছিল গৌৰীসাগৰ আৰক্ষী চকীত । ২৯ জুনত গৌৰীসাগৰ আৰক্ষীয়ে আদালতত হাজিৰ কৰাই বাদল দে'ক পুনৰ চাৰি দিনৰ জিম্মাত লৈছিল । কিন্তু ২ জুলাইত অভিযুক্ত সোণাৰিজনৰ জিম্মাৰ ম্যাদ শেষ হোৱাত বুধবাৰে পুনৰ আদালতত হাজিৰ কৰা হয় সোণাৰিজনক । সোণাৰিজনক হাজিৰ কৰা সময়তে আদালত চৌহদত উত্তেজনামুলক পৰিস্থিতিৰ সৃষ্টি হয় । সোণাৰিগৰাকী আৰক্ষী জিম্মাত থকা অৱস্থাত গৌৰীসাগৰ আৰক্ষীৰ উপ আৰক্ষীৰ পৰিদৰ্শক বিদ্যুৎ বিকাশ বৰুৱাই কেছ ডায়েৰী ভালকৈ লিখি দিয়াৰ বিনিময়ত ৩ লাখ টকাৰ দাবী কৰে বুলি সাংবাদিকৰ আগত মন্তব্য কৰে সোণাৰিগৰাকীৰ পত্নীয়ে । পত্নীগৰাকীৰ এই মন্তব্যৰ পাছতেই শিৱসাগৰত এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে । ইফালে, আৰক্ষীৰ জিম্মাত থকা অৱস্থাতে সোণাৰিজনে ভিডিঅ'যোগে এএছআই বিদ্যুৎ বিকাশ বৰুৱাই ধন দাবি কৰাৰ কথা নিজমুখে স্বীকাৰ কৰে ।