শিৱসাগৰ,25এপ্ৰিল: বুধবাৰে শিৱসাগৰৰ আৰক্ষী অধীক্ষকৰ বাসগৃহৰ চোতাল মুখৰিত হ'ল বিহু হুঁচৰি উদযাপনেৰে ৷ ঢোল, পেঁপা আৰু নাচনীৰ কঁকাল ভঙা নৃত্যত প্ৰাণ পাই উঠিল আৰক্ষী অধীক্ষকৰ বাসগৃহৰ চোতাল । নিৰ্বাচনৰ ধামখুমীয়াত হেঁপাহৰ বিহুটো পাৰ হ'ল যদিও পলমকৈ বিহু উদযাপন কৰি অতি আনন্দিত হৈ পৰিল এই সকল আৰক্ষীৰ বিষয়া-কৰ্মচাৰী । উল্লেখ্য যে এই বিহু উদযাপন অনুষ্ঠানত শিৱসাগৰ জিলাৰ উপায়ুক্ত ডঃ এছ লক্সমনন আৰু আৰক্ষী অধীক্ষক অমিতাভ সিনহাৰ উপৰি আৰক্ষী পৰিয়াল বৰ্গ উপস্থিত থাকে । ইপিনে আৰক্ষী অধীক্ষকগৰাকীয়ে আৰক্ষী বিষয়া-জোৱানসকলক প্ৰশংসা কৰি বিষয়া-কৰ্মচাৰী আৰু আৰক্ষী বাহিনীৰ জোৱানসকলে ত্যাগ স্বীকাৰ নকৰা হ'লে জিলাখনত নিৰ্বাচন সফলতাৰে সম্পন্ন কৰা সম্ভৱ নহ'ল হেতেন বুলি সাংবাদিকৰ আগত মন্তব্য প্ৰকাশ কৰে ।
নিৰ্বাচনী দায়িত্বৰ পৰা আজৰি হৈ বিহু পাতিলে শিৱসাগৰৰ আৰক্ষী প্ৰশাসনে - SP
নিৰ্বাচন শেষ হোৱাৰ পাচত নিজ দ্বায়িত্ব সঠিকভাৱে পালন কৰা শিৱসাগৰৰ আৰক্ষী তথা প্ৰশাসনৰ বিষয়াসকলে বুধবাৰে পাতিলে হেঁপাহৰ ৰঙালী বিহু ৷ এই বিহু উদযাপন অনুষ্ঠানত জিলা উপায়ুক্ত আৰু শিৱসাগৰ আৰক্ষী অধীক্ষক অমিতাভ সিনহা উপস্থিত থাকে ৷