ETV Bharat / state

Plastic Rice Controversy: শিৱসাগৰত প্লাষ্টিকৰ চাউলক লৈ পুনৰ আতংক - Plastic Rice in Anganwadi Centre

ৰাজ্য়ৰ ভিন্ন প্ৰান্তত ভিন্ন সময়ত যোগান বিভাগৰ (Supply department) বিৰুদ্ধে উত্থাপন হয় ভিন্ন অভিযোগ । কেতিয়াবা যদি পঁচা চাউল, আন কেতিয়াবা আকৌ প্লাষ্টিকৰ চাউল বিতৰণৰ অভিযোগ । এইবাৰ পুনৰ শিৱসাগৰত যোগান বিভাগে প্লাষ্টিকৰ চাউল বিতৰণৰ অভিযোগ উত্থাপিত হৈছে ।

Plastic Rice Controversy in Assam
প্লাষ্টিকৰ চাউল বিতৰ্ক
author img

By

Published : Apr 20, 2023, 5:50 PM IST

প্লাষ্টিকৰ চাউল বিতৰ্ক

শিৱসাগৰ, ২০ এপ্ৰিল: সাৱধান হওক ! কাৰণ ভাতৰ পৰিৱৰ্তে আপুনি খাই থাকিব পাৰে বৰবিহ ৷ এতিয়া প্লাষ্টিকজাত সামগ্ৰীলৈ ৰূপান্তৰিত হৈছে ভাত (Plastic Rice Controversy)! বজাৰৰ পৰা চাউল কিনি আনোতে ১০০ বাৰ পৰীক্ষা কৰক ৷ কিয়নো প্লাষ্টিকৰ কণীৰ পাচত বজাৰত প্লাষ্টিক চাউলক লৈ সৃষ্টি হোৱা প্ৰতিক্ৰিয়া মাৰ যোৱা নাই ৷ ৰাজ্যৰ বিভিন্ন জিলাত বিভিন্ন সময়ত প্লাষ্টিকৰ চাউল ওলোৱা বুলি অভিযোগ উত্থাপিত হৈ আহিছে । এইবাৰ শিৱসাগৰ নগৰত এনে চাউলক লৈ ৰাইজ আতংকিত হৈছে ।

উত্থাপিত অভিযোগ অনুসৰি শিৱসাগৰত চৰকাৰী বিনামূলীয়া চাউলৰ নামত বিতৰণ কৰা হৈছে প্লাষ্টিকৰ চাউল (Plastic Rice Controversy in Assam)। চৰকাৰে যোগান ধৰা চাউলৰ লগত মিহলি কৰিছে প্লাষ্টিকৰ চাউল । কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিনামূলীয়া চাউলৰ নামত হিতাধিকাৰীক দিয়া হৈছে প্লাষ্টিক মিহলি চাউল । এই চাউল বিতৰণ কৰা হৈছে অংগনৱাড়ী কেন্দ্ৰৰ কণ কণ শিশু সকলৰ মাজত (Plastic Rice in Anganwadi Centre)। একাংশ ৰাইজে কৰা অভিযোগ অনুসৰি বিনামূলীয়া চাউলৰ লগত ক’লা বেপাৰীয়ে মিহলি কৰিছে প্লাষ্টিকৰ চাউল ।

শিৱসাগৰ নগৰৰ ৯ নং ৱাৰ্ডৰ এগৰাকী হিতাধিকাৰীৰ ঘৰত দেখা গৈছে এনে চাউলৰ নমুনা । ভাত সিজাবলৈ চাউল ধোৱাৰ সময়ত দেখা গৈছে কেতবোৰ চাউল উপঙি আছে । উপঙি যোৱা চাউল পৰীক্ষা কৰি দেখা গ'ল এইবোৰ প্লাষ্টিকৰ চাউল । খুন্দিলে ভাঙি নোযোৱা, পুৰিলে গলি যোৱা এনে চাউল এতিয়া দুখীয়া ৰাইজে ভক্ষণ কৰিছে । চৰুত এঠা ধৰি থোপ খাই যোৱা এনে চাউল ভক্ষণ কৰি নিশ্চিতভাৱে ৰাইজে বেমাৰত পৰিব বুলি আশংকা কৰিছে । এগৰাকী হিতাধিকাৰীয়ে এই সন্দৰ্ভত ক্ষোভ প্ৰকাশ কৰি কয়, "যদি বিনামূলীয়া চাউল দিছে ভাল চাউল দিয়ক । এনে বৰবিহৰ দৰে চাউল খোৱাই আমাক নামাৰিব ।"

অৱশ্য়ে ৰাইজক ভুল ধাৰণাৰ পৰা মুক্ত কৰিবলৈ ভাৰতীয় খাদ্য নিগমে ইতিমধ্য়ে স্পষ্ট কৰি দিছে যে আমি খাবলৈ ব্যৱহাৰ সাধাৰণ চাউল গুড়ি কৰি তাৰ লগত আইৰন, ফলিক এচিড আৰু ভিটামিন B12 মিলাই পুনৰাই কৃত্ৰিমভাৱে এই ফৰটিফাইড চাউলবিধ প্ৰস্তুত কৰে । সাধাৰণতে খাবলৈ ব্যৱহাৰ কৰা চাউলৰ লগত ১.১০০ অনুপাতত মিহলাব লাগে এই ফৰটিফাইড চাউলবিধ । বৰ্তমানে মধ্যাহ্ন ভোজনৰ চাউল আৰু সংহত শিশু উন্নয়ণ প্ৰকল্পৰ জড়িয়তে এই চাউল বিতৰণৰ ব্যৱস্থা কৰা বুলি ভাৰতীয় খাদ্য নিগমে উল্লেখ কৰি সেয়া আচলতে ফৰটিফইড চাউলহে বুলি স্পষ্ট কৰি দিছে ।

লগতে পঢ়ক:Assam beneficiaries: ৰাজ্যত হিতাধিকাৰীৰ নামত তিনি বছৰত ৩৫ হাজাৰ কোটি টকা ব্যয়

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.