ETV Bharat / state

আমগুৰিত বিধ্বস্ত পথ মেৰামতিৰ দাবী ৰাইজৰ - People protest for damaged road

পথ মেৰামতিৰ দাবীত আমগুৰিত ৰাজপথলৈ ওলাই আহিল পুৰুষ-মহিলা (Amguri public protest)। স্থানীয় বিধায়কে ৰাইজক প্ৰৱঞ্চনা কৰাৰ অভিযোগ । বিজেপি চৰকাৰ আৰু জনপ্ৰতিনিধিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ ৰাইজৰ ।

Sivsagar
আমগুৰিত বিধ্বস্ত পথৰ বাবে ৰাইজৰ প্ৰতিবাদ
author img

By

Published : Aug 25, 2022, 3:50 PM IST

আমগুৰি,২৫ আগষ্ট : জৰাজীৰ্ণ পথৰ বাবে হাৰাশাস্তি শিৱসাগৰৰ আমগুৰিৰ ৰাইজৰ (Road condition at Amguri)। উন্নয়নৰ শ্ল'গান দিয়া বিজেপি চৰকাৰে অঞ্চলটোৰ ভগা-ছিগা পথবোৰ মেৰামতি নকৰাৰ ফলত নিতৌ সমস্যাত পৰিছে ৰাইজ । যাৰ বাবে ৰাজপথলৈ ওলাই আহিল ক্ষোভিত ৰাইজ (People protest for damaged road)।

আমগুৰিত বিধ্বস্ত পথৰ বাবে ৰাইজৰ প্ৰতিবাদ

আমগুৰি সমষ্টিৰ খনামুখ গাঁও পঞ্চায়তৰ অন্তৰ্গত ১ নং আৰু ২ নং দীঘলীজানৰ জৰাজীৰ্ণ পথৰ বাবে অসুবিধাত পৰিছে গাঁৱৰ ৰাইজ । যাৰ বাবে পথৰ নিৰ্মাণৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিলে গাঁৱৰ পুৰুষ-মহিলাসকলে । বিধায়ক প্ৰদীপ হাজৰিকা আৰু বিজেপি নেতৃত্বাধীন চৰকাৰৰ মিথ্যাচাৰৰ বাবে অঞ্চলটোৰ পথৰ এই দুৰৱস্থা বুলি অভিযোগ কৰে প্ৰতিবাদকাৰীসকলে । সেয়েহে প্ৰদীপ হাজৰিকা হায় হায়, বিজেপি মুৰ্দাবাদ আদি ধ্বনিৰে দীঘলীজানৰ পুৰুষ-মহিলাসকলে পৰিৱেশ উত্তাল কৰি তোলে ।

দেশৰ স্বাধীনতাৰ ৭৫ বছৰৰ পাছতো অঞ্চলটোৰ গুৰুত্বপূৰ্ণ পথ দুটা পকী নোহোৱাত উদ্বেগ প্ৰকাশ কৰে স্থানীয় মহিলাসকলে । তেওঁলোকে অভিযোগ কৰা মতে নিৰ্বাচনৰ পূৰ্বে জনপ্ৰতিনিধিসকলে ৰাইজক ভুৱা আশ্বাস প্ৰদান কৰি আহিছে আৰু নিৰ্বাচনৰ পাছত জনপ্ৰতিনিধিসকলে ৰাইজলৈ পিঠি দিয়াৰো অভিযোগ স্থানীয় ৰাইজৰ ।

উল্লেখ্য যে উক্ত পথৰ নিৰ্মাণৰ বাবে ৰাইজে বহুবাৰ আমগুৰিৰ বিধায়ক প্ৰদীপ হাজৰিকাক আবেদন নিবেদন জনাই আহিছে যদিও সকলোবোৰ প্ৰচেষ্টাই ব্যৰ্থ হৈ পৰাত অৱশেষত এনেদৰে প্ৰতিবাদ কৰিবলৈ বাধ্য হৈছে গাঁওবাসী । ৰাইজৰ অভিযোগ পথৰ দুৰৱস্থাৰ বাবে এজাক বৰষুণ দিলেই পথটো বোকাময় হৈ পৰে । বিদ্যালয়ৰ কণ কণ ছাত্ৰ-ছাত্ৰীসকলেও অতি বিপদজনকভাৱে পথটোৰে পাৰ হ'বলগীয়া হয় ।

কেৱল এয়াই নহয়, গাঁৱৰ ৰোগীসকলকো হাস্পতাললৈ লৈ যোৱাৰ সময়ত বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হয় গাঁওবাসী । যদিহে ৰাইজৰ এই প্ৰতিবাদৰ পাছতো পথ নিৰ্মাণৰ বাবে বিভাগীয় কৰ্তৃপক্ষই কোনো পদক্ষেপ নলয় আগন্তুক দিনত ভোট বৰ্জনৰ দৰে সিদ্ধান্ত গ্ৰহণ কৰিব বুলিও হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে ।

লগতে পঢ়ক :মৰাণৰ এখন বিদ্যালয়ৰ ভৱিষ্যতে চিন্তাত পেলাইছে শিক্ষকৰ লগতে অভিভাৱকক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.