ETV Bharat / state

ক’ভিডৰ ভয়ংকৰ সংক্ৰমণ; একাংশৰ কাণ্ডজ্ঞান হীনতা

author img

By

Published : Apr 21, 2021, 8:49 AM IST

ক’ভিডৰ কৱলত পৰিছে শিৱসাগৰ জিলাৰ এজনৰ পিচত সিজন লোক ৷ প্ৰশাসনে সামাজিক দূৰত্ব মানি চলা আৰু মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰিছে যদিও একাংশ লোকে এই নীতি-নিয়মক বুঢ়া আঙুলি দেখুওৱা পৰিলক্ষিত হৈছে ৷

মাস্ক বিহীনভাৱে শিৱসাগৰৰ জনতা
মাস্ক বিহীনভাৱে শিৱসাগৰৰ জনতা

শিৱসাগৰ,21 এপ্ৰিল : দেশত দৈনিক লাখ লাখ লোক ক'ভিড-19 ত আক্ৰান্ত হৈছে । অসমত ক’ভিড ১৯ ৰোগে ভয়াৱহ ৰূপ ধাৰণ কৰিছে । শিৱসাগৰ জিলাতো দৈনিক ইজনৰ পাছত সিজন লোক ক’ভিডৰ কৱলত পৰিছে । জিলাখনত সোমবাৰলৈকে আক্ৰান্ত হৈছে ১১৫ গৰাকী ব্যক্তি । তদুপৰি মঙলবাৰে চিনাক্ত হৈছে ১০ গৰাকী ৰোগী । ক'ভিড-19 ৰ ভয়াৱহ সংক্ৰমণৰ পৰা ৰক্ষা পাবৰ বাবে দিল্লীত লক ডাউন দিয়া হৈছে ।

উল্লেখ্য যে, অসমৰ ভয়াৱহ পৰিস্থিতিৰ পৰা পৰিত্ৰাণ পাবলৈ অসমৰ একাংশ জিলাৰ প্ৰাথমিক পৰ্যায়ৰ বিদ্যালয় সমূহ বন্ধ ঘোষণা কৰা হৈছে । তদুপৰি চৰকাৰে এটাৰ পাছত এটা এছ.অ.পি. (SOP) ঘোষণা কৰিছে । ৰঙালী বিহু সন্মিলন সমূহ বাতিল কৰা পৰিলক্ষিত হৈছে ৷

প্ৰশাসনে সামাজিক দূৰত্ব মানি চলা আৰু মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰিছে । তদুপৰি এই নিয়ম নামানিলে ১০০০ টকাৰ জৰিমণা বিহাৰ ব্যৱস্থাও কৰিছে । ইয়াৰ পাচতো একাংশ জনতাৰ যেন সম্বিত ঘূৰি অহা নাই ৷

শিৱসাগৰ নগৰত ক'ভিডক বুঢ়া আঙুলি দেখুৱাই মাস্ক পৰিধান নকৰি পুৰুষ-মহিলা,ছাত্ৰ-ছাত্ৰী আদিয়ে নগৰখনত ভিৰ কৰিছে । কোনোৱে যদি মাস্ক পৰিধানক লৈ সজাগ নহয় কোনোৱে আকৌ পাহৰি আহিছে মাস্ক আনিবলৈ । কোনোৱে মাস্ক আনিছে যদিও পকেটত ৰাখি থোৱাৰ দৰে নানা ধৰণৰ তুলুঙা মন্তব্য কৰা দেখা গৈছে ৷ বিগত বছৰৰ ক’ভিড চীনৰ বাবে হোৱা বুলি দোষাৰোপ কৰা আমিবোৰে এই বছৰ ক’ভিড ৰাইজৰ সাধাৰণ ভুলৰ বাবে যে হ'ব সেয়া নিশ্চিত।

লগতে পঢ়ক: অশোকাষ্টমী মেলাত ধোঁৱাচাঙত উঠিল ক’ভিড প্ৰটকল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.