আমগুৰি, ১৩ অক্টোবৰ: আমগুৰিত অৰ্থৰ অভাৱত চিকিৎসাৰ পৰা বঞ্চিত এজন ২৬ বছৰীয়া যুৱক ৷ আমগুৰি সমষ্টিৰ দিকচু গাঁও পঞ্চায়তৰ অন্তৰ্গত দিকচু মাউত গাঁৱৰ বাসিন্দা তিলক চন্দ্ৰ বৰুৱাৰ কণিষ্ঠ পুত্ৰ সৌৰভ জ্যোতি বৰুৱা নামৰ যুৱকজন দীৰ্ঘদিন ধৰি জটিল হৃদৰোগত আক্ৰান্ত হৈ আছে ৷ যুৱকজনে বৰ্তমান অসম মেডিকেল কলেজ হাস্পতাল,জি এন আৰ চি,আদিত্য চিকিৎসালয় আদিত চিকিৎসা কৰাই আছে যদিও চিকিৎসকে অসমৰ বাহিৰত নি অস্ত্ৰোপ্ৰচাৰ কৰাব লাগিব বুলি জনায় ৷ ৮ বছৰৰ পৰাই হৃদৰোগত আক্ৰান্ত হৈ থকা যুৱকজনৰ পৰিয়ালটোৱে ইতিমধ্যে সৌৰভৰ চিকিৎসাৰ কাৰণে খেতি-মাটি বিক্ৰী কৰি সৰ্বশ্ৰান্ত হবলগীয়া হৈছে । অসুখীয়া পিতৃ-মাতৃৰ একমাত্ৰ ভৰষা পুত্ৰৰ জটিল ৰোগৰ বাবে এতিয়া পৰিয়ালটোৰ ওপৰত সৰগ ভাগি পৰিছে।
উল্লেখ্য যে,সৌৰভৰ চিকিৎসাৰ বাবে যুৱকজনৰ জ্যেষ্ঠ ভগ্নীয়ে স্বাস্থ্যমন্ত্ৰী, মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীলৈও সহায়ৰ বাবে পত্ৰ প্ৰেৰণ কৰিছিল যদিও আজিকোপতি নাপালে কোনো সঁহাৰি । আৰ্থিক দৈন্যতাত ভোগা পৰিয়ালটোক এতিয়া প্ৰয়োজন চৰকাৰ তথা ৰাইজৰ সহায়ৰ। কোনো সদাশয় লোকে দুৰ্ভগীয়া পৰিয়ালটোক সহায় কৰিব বিচাৰিলে 8011604845/6901323798 ফোন নম্বৰত যোগাযোগ কৰিব পাৰিব অন্যথা পোনপেটীয়াকৈ সৌৰভৰ Ac no: 34158168086, ifsc: SBIN0007429 নম্বৰৰ বেংক একাউন্টত সহায় কৰিব পাৰিব ৷
লগতে পঢ়ক: তথ্য জনাৰ অধিকাৰ আইন