ETV Bharat / state

আমগুৰিৰ দুৰ্ভগীয়া পৰিয়াললৈ সহায়ৰ হাত

স্বামীৰ নিৰ্যাতন সহিব নোৱাৰি ১৯ বছৰ পূৰ্বে নিজৰ বিশেষভাৱে সক্ষম পুত্ৰক লৈ পিতৃগৃহলৈ ওলাই অহা এগৰাকী অসহায় মহিলা আৰু এটা পৰিয়াল ৷ অতি দুৰ্বিষহ জীৱন যাপন কৰা পৰিয়ালটোৰ মাজত সোমবাৰে উপস্থিত হ'ল একাংশ উদ্যমী যুৱক ৷ আগবঢ়ালে সহায়ৰ হাত ৷

এটা অসহায় পৰিয়ালে লাভ কৰিলে কিছু সহায়ৰ হাত

author img

By

Published : Sep 21, 2020, 3:59 PM IST

আমগুৰি, 21 চেপ্তেম্বৰ: জন্মৰ পাচৰ পৰাই পিতৃৰ পৰা বিচ্ছিন্ন হৈ থকা এটি বিশেষভাৱে সক্ষম সন্তান ৷ সন্তানটি বিশেষভাৱে সক্ষম হোৱা বাবেই পত্নীক মানসিক নিৰ্যাতন কৰিছিল স্বামীয়ে ৷ যি নিৰ্যাতন সহিব নোৱাৰি এদিন মাতৃগৰাকীয়ে নিজ পুত্ৰক লগত লৈ ওলাই আহিছিল পিতৃগৃহলৈ ৷ পিতৃ থকালৈ সকলো সামান্য পৰিমাণে হ'লেও ঠিকেই চলি আছিল যদিও, মহিলাগৰাকীৰ পিতৃৰ মৃত্যুৰ পাচত অধিক দুৰ্বিষহ হৈ পৰে তেওঁলোকৰ জীৱন ৷ এটা উৰুখা পঁজাতে দিন-ৰাতি পাৰ কৰিছে অসহায় মাতৃ-পুত্ৰই ৷

আমগুৰিৰ এটা অসহায় পৰিয়ালে লাভ কৰিলে কিছু সহায়ৰ হাত

উপাৰ্জনৰ কোনো স্থাল নথকা প্ৰতিমা গগৈ নামৰ মহিলা গৰাকীয়ে ৰোগীয়া মাতৃ আৰু পুত্ৰক পোহপাল দিয়াৰ স্বাৰ্থত ডলা-চালনী, খৰাহী নিৰ্মাণ কৰি সেইসমূহ বিক্ৰী কৰাৰ লগতে হাঁহ-কুকুৰাৰ কণী, বাৰীৰ কচু-ঢেকীয়া আদি বিক্ৰী কৰি কোনোমতে জীৱন সংগ্ৰাম অব্যাহত ৰাখিছে ৷ পৰিয়ালটোৱে জানিবলৈ দিয়া অনুসৰি, তেওঁলোকে পোৱা নাই কোনো ধৰণৰ চৰকাৰী আঁচনি ৷ জহি-খহি যোৱা ঘৰটোৰ বিকল্প হিচাপেও তেওঁলোকে পোৱা নাই চৰকাৰী আৱাসগৃহ আঁচনিৰো ঘৰ ৷ কিন্তু শেহতীয়াকৈ আমগুৰিৰ কেইগৰাকীমান উদ্যমী যুৱকৰ প্ৰচেষ্টাত সামাজিক মাধ্যমৰ লগতে সংবাদ মাধ্যমযোগে পৰিয়ালটোৰ জীয়া কাহিনী প্ৰচাৰ হোৱাৰ পাচতে, আমগুৰি আৰু গৌৰীসাগৰৰ বহু কেইগৰাকী লোক পৰিয়ালটিৰ বাসগৃহত উপস্থিত হৈ সহায়ৰ হাত আগবঢ়ায় ৷ স্থানীয় সংবাদকৰ্মীৰ প্ৰচেষ্টাত স্থানীয় বিধায়ক প্ৰদীপ হাজৰিকাক সেই সন্দৰ্ভত অৱগত কৰাৰ পাচতেই তৎপৰ হৈ পৰে বিধায়ক গৰাকীও ৷ পৰিয়ালটো কাষত উপস্থিত হৈ বিধায়ক গৰাকীয়ে বিশেষভাৱে সক্ষম যুৱকজনৰ বাবে পেঞ্চনৰ ব্যৱস্থা কৰি দিয়াৰ লগতে, পৰিয়ালটোক চৰকাৰী আঁচনিৰ এটা আৱাস গৃহ প্ৰদানৰ আশ্বাস প্ৰদান কৰে ৷

লগতে পঢ়ক: ঘৰ হেৰুৱাইছে বনপুৰৈ জামুগুৰিবাসীয়ে...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.