আমগুৰি,12মাৰ্চ: ৰাজ্যত বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলৰ নেতাসকলৰ লগতে সদস্য সকলৰ মাজতো চলিছে দল বাগৰাৰ ৰাজনীতি ৷ এটা দলৰ পৰা আন এটা দললৈ যোৱাৰ বাবে যেন চলিছে অঘোষিত প্ৰতিযোগিতা ৷ সমষ্টিয়ে সমষ্টিয়ে দেখা গৈছে দল ত্যাগ কৰি আন দলত যোগদান কৰাৰ দৃশ্য। ব্যতিক্ৰম নহ'ল শিৱসাগৰৰ শলগুৰি গাঁও পঞ্চায়তৰ কংগ্ৰেছ কৰ্মী সকলো ৷ প্ৰায় দুই শতাধিক কৰ্মীয়ে দলত্যাগ কৰি যোগদান কৰিলে বিজেপি দলত।
লগতে পঢ়ক: ওদালগুৰিত মনোনয়ন পত্ৰ দাখিল কৰিলে কেইবাজনো প্ৰাৰ্থীয়ে