ETV Bharat / state

Sivasagar central baptist church : শিৱসাগৰ বাপ্তিষ্ট সভাৰ 125 বছৰীয়া জয়ন্তী উপলক্ষে অৰুণোদয় ভৱন উদ্বোধন - অৰুণোদয় ভৱন

সোমবাৰে শিৱসাগৰ নগৰৰ মিছন চৌহদত নৱ নিৰ্মিত অৰুণোদয় ভৱন উদ্বোধন কৰা হয় ৷ প্ৰথমখন অসমীয়া সংবাদ পত্ৰৰ সোঁৱৰণত এই ভৱনৰ নাম অৰুণোদয় ৰখা হৈছে ৷

Orunodoi Bhawan Inaugurates in Sivasagar
শিৱসাগৰ নগৰৰ মিছন চৌহদত নৱ নিৰ্মিত অৰুণোদয় ভৱন উদ্বোধন
author img

By ETV Bharat Assamese Team

Published : Oct 30, 2023, 5:12 PM IST

অৰুণোদয় ভৱন উদ্বোধন

শিৱসাগৰ, 30 অক্টোবৰ : অসমত খ্ৰীষ্টিয়ান সমাজৰ আৰম্ভণি ঘটিছিল আমেৰিকান বাপ্তিষ্ট মিছনেৰী সকলৰ আগমণৰ পাছত ৷ ঊনবিংশ শতিকাৰ ত্ৰিশ দশকত নাথান ব্ৰাউন, মাইলছ ব্ৰনছন আদি মিছনেৰী সকলৰ আগমণৰ পাছত অসমীয়া খ্ৰীষ্টিয়ান সমাজখন গঠন হ'বলৈ ধৰে ৷ কালক্ৰমত খ্ৰীষ্ট ধৰ্মত বিশ্বাসী লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে গঠন হয় খ্ৰীষ্টিয়ান সংগঠন সমূহৰ ৷

এইদৰে আজিৰ পৰা 125 বছৰৰ পূৰ্বে 1898 চনত গঠন হৈছিল "শিৱসাগৰ বাপ্তিষ্ট সভা"ৰ ৷ শিৱসাগৰ বাপ্তিষ্ট সভাৰ 125 বছৰীয়া জয়ন্তী উপলক্ষে সোমবাৰে শিৱসাগৰ নগৰৰ মিছন চৌহদত নৱ নিৰ্মিত 'অৰুণোদয়' ভৱন উদ্বোধন কৰা হয় ৷ আমেৰিকান বাপ্তিষ্ট মিছনেৰীয়ে অসমীয়া ভাষা-সাহিত্যৰ উত্তৰণৰ বাবে প্ৰকাশ কৰা প্ৰথমখন অসমীয়া সংবাদ পত্ৰৰ সোঁৱৰণত এই ভৱনৰ নাম 'অৰুণোদয়' ৰখা হৈছে ৷

ইয়াৰ দ্বাৰা শিৱসাগৰত অৰুণোদয় সংবাদ পত্ৰৰ স্মৃতি সজীৱ হৈ থাকিব বুলি জানিবলৈ দিয়ে উদ্যোক্তা সকলে ৷ শিৱসাগৰ বাপ্তিষ্ট সভাৰ 125 বছৰীয়া জয়ন্তী উপলক্ষে উত্তৰ-পূৱৰ প্ৰথমটো গীৰ্জা কেন্দ্ৰীয় বাপ্তিষ্ট মণ্ডলী শিৱসাগৰত এক প্ৰাৰ্থনা সভা অনুষ্ঠিত হোৱাৰ পাছত অসম বাপ্তিষ্ট কনভেনছনৰ কাৰ্যবাহী সম্পাদক বেনাৰ্ড মাৰাকে অৰুণোদয় ভৱন উদ্বোধন কৰি শিৱসাগৰ সভাৰ সেৱাত উৎসৰ্গিত কৰে ৷

উল্লেখ্য যে, শিৱসাগৰৰ পৰাই প্ৰকাশ পাইছিল অসমৰ প্ৰথমখন সংবাদ পত্ৰ তথা আধুনিক অসমীয়া ভাষাৰ বাটকটীয়াস্বৰূপ অৰুণোদয় ৷ ১৮৪৬ চনৰ জানুৱাৰী মাহত শিৱসাগৰৰ মিছন প্ৰেছৰ পৰা প্ৰথম প্ৰকাশ পাইছিল এই সংবাদ পত্ৰৰ ৷ ১৮৪৬ চনত ও,টি,কাট্টাৰ আৰু নাথান ব্ৰাউনৰ উদ্যোগত ‘অৰুণোদই’ প্ৰকাশ পাইছিল ৷ এই পত্ৰখনিৰ প্ৰথম সম্পাদক আছিল নাথান ব্ৰাউন ৷

লগতে পঢ়ক : Vice President of India : সমাজ পৰিৱৰ্তনৰ বাবে শিক্ষা হৈছে আটাইতকৈ প্ৰভাৱশালী ব্যৱস্থা: উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.