ETV Bharat / state

শিৱসাগৰত অ এন জিচিৰ "পূৰ্বাঞ্চল এমপ্লইজ এছচিয়েচনৰ" প্ৰতিবাদ - গেলেকী তৈলক্ষেত্ৰ

অ এন জি চি অসম সম্পদৰ গেলেকী তৈলক্ষেত্ৰ, ব্যক্তিগত খণ্ডৰ হাতত গটাই দিয়াক লৈ কৰ্মচাৰী সন্থাই প্ৰতিবাদ সাব্যস্ত কৰে ৷

"পূৰ্বাঞ্চল এমপ্লইজ এছচিয়েচনৰ" প্ৰতিবাদ
author img

By

Published : May 14, 2019, 3:07 PM IST

শিৱসাগৰ, 14 মে': শিৱসাগৰত পুনৰ প্ৰতিবাদত নামিল অ এন জি চিৰ "পূৰ্বাঞ্চল এমপ্লইজ এছচিয়েচনৰ" সদস্য সকল ৷ উৎপাদনী ব্যয় তথা লোকচানৰ অজুহাতত বিজেপী নেতৃতাধীন কেন্দ্ৰীয় চৰকাৰৰ পেট্ৰলিয়াম মন্ত্ৰালয়ে, অতি সংগোপনে অসম সম্পদৰ মুঠ খাৰুৱা তেলৰ 50% উৎপাদন হোৱা গেলেকী তৈলক্ষেত্ৰক বিদেশী কোম্পানীক গটাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ ইয়াৰে বিৰোধিতা কৰি মঙলবাৰে কৰ্মচাৰী সন্থাই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ৷

অএনজিচিৰ "পূৰ্বাঞ্চল এমপ্লইজ এছচিয়েচনৰ" প্ৰতিবাদ

কেন্দ্ৰীয় চৰকাৰৰ এনে হঠকাৰী সিদ্ধান্তৰ ফলত অসমৰ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান অ এন জি চিৰ কাম কাজ সংকুচিত হৈ পৰাৰ লগতে ৰাজ্যখনৰ আৰ্থ সামাজিক ক্ষেত্ৰত ব্যাপক প্ৰভাৱ পৰিব ৷ ইপিনে 50 শতাংশ খাৰুৱা তেল উৎপাদন হোৱা গেলেকী তেল পথাৰ খনক বিদেশী কোম্পানীক গটাই দিবৰ বাবে কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে নিবিদাৰ প্ৰক্ৰিয়া প্ৰায় সম্পূৰ্ণ কৰি তুলিছে ৷ যাৰ ফলত অ এন জি চি "পূৰ্বাঞ্চল এচোচিয়েচনৰ সদস্য সকল" উদ্বিগ্ন হৈ পৰে ৷ আৰু এই সিদ্ধান্তৰ বিৰোধিতা কৰি মঙলবাৰে অ এন জি চিৰ কৰ্মচাৰীসকলে অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰে ৷ আৰু কোনো কাৰণতে গেলেকী তৈলক্ষেত্ৰ বহিৰাগত কোম্পানীক গটাই দিয়া নহ'ব বুলি দাবী হুংকাৰ দিয়ে "পূৰ্বাঞ্চল ৱৰ্কাচ এচচিয়েচনৰ" বিষয়ববীয়া সকলে ৷ উল্লেখ্য যে বিগত 4 আৰু 9 মে' তাৰিখে অ এন জি চিৰ কৰ্মচাৰীসকলে এই সন্দৰ্ভত, নাজিৰা আৰু শিৱসাগৰ অ এন জি চিৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰিছিল ৷ সেয়ে ইয়াৰ পাচতো যদি অ এন জি চিয়ে এই সিদ্ধান্ত বাতিল নকৰে তেনেহলে পৰৱৰ্তী সময়ত আৰু অধিক আন্দোলন গঢ়ি তুলিব বুলি জনাই কৰ্মচাৰীসকলে ৷

*অএনজিচি অসম সম্পদৰ গেলেকী তৈলক্ষেত্ৰ ব্যক্তিগত খণ্ডৰ হাতত গতাই দিয়াক লৈ প্ৰতিবাদ কৰ্মচাৰী সন্থাৰ*
Story-ONGC_PROTEST
Ananta Smith
Sivasagar
14th May

A_SVR_14TH_MAY_808-810_ONGC_PROTEST_723499

পুনৰ প্ৰতিবাদত নামিল ONGC ৰ পূৰ্বাঞ্চল এমপ্লইজ এছচিয়েচনৰ সদস্য সকল৷   উৎপাদনী ব্যয় তথা লোকচানৰ অজুহাতত  বিজেপী নেতৃতাধীন কেন্দ্ৰীয় চৰকাৰৰ পিট্ৰলিয়াম মন্ত্ৰালয়ে অতি সংগোপনে অসম সম্পদৰ মুঠ খাৰুৱা তেলৰ ৫০% উৎপাদন হোৱা গেলেকী তৈলক্ষেত্ৰক বিদেশী কোম্পানীক গটাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ কেন্দ্ৰীয় চৰকাৰৰ এনে হাঠকাৰী সিদ্ধান্তৰ ফলত অসমৰ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান অএনজিচিৰ কাম কাজ সংকুচিত হৈ পৰাৰ লগতে ৰাজ্যখনৰ আৰ্থ সামাজিক ব্যৱস্হাত ব্যাপক প্ৰভাৱ পৰিব৷ যাৰ কাৰনে অএনজিচি পূৰ্বাঞ্চল এচোচিয়েচনৰ সদস্য সকল উদ্বিগ্ন হৈ পৰিছে৷ মংগলবাৰে   এচোচিয়েচনৰ বিষয়ববীয়া তথা ONGC কৰ্মচাৰী সকলে ইয়াৰ প্ৰতিবাদত এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী হাতত লয় ৷ অএনজিচিৰ অসম সম্পদৰ মুঠ উৎপাদনৰ ৫০% খাৰুতেল উৎপাদন হোৱা গেলেকী তেল পথাৰ খনক বিদেশী কোম্পানীক গটাই দিবৰ বাবে কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে নিবিদাৰ প্ৰক্ৰিয়া প্ৰায় সম্পূৰ্ণ কৰি তুলিছে৷ কিন্তু কনো কাৰনতে গেলেকী তৈলক্ষেত্ৰ বাহিৰাগত কোম্পানীক গটাই দিয়া নহব বুলি দাবী তোলে পূৰ্বাঞ্চল ৱৰ্কাচ এচচিয়েচনৰ বিষয়ববীয়া সকলে৷ যোৱা৮ আৰু ন মে তাৰিখেও ONGC কৰ্মচাৰী সকলে নাজিৰা আৰু শিৱসাগৰ ONGCৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰিছিল৷ ইয়াৰ পিছতো যদি ONGC য়ে এই সিদ্ধান্ত বাতিল নকৰে তেনেহলে পৰবৰ্তী সময়ত আৰু অধিক আন্দোলন কৰাৰ সিদ্ধান্ত লব৷

Bite- সঞ্জীৱ বৰুৱা( সভাপতি, পূৰ্বাঞ্চল ৱৰ্কাচ এচচিয়েচন)
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.