শিৱসাগৰ, 3 নৱেম্বৰ : শিৱসাগৰ জিলাৰ বলিয়াঘাট পথলিয়ালত মঙলবাৰে এক ভয়ংকৰ ঘটনা সংঘটিত হয় ৷ ONGC ৰ বলিয়াঘাটস্থিত GGS-1 ত তেল গেছ পৰিবাহী পাইপ ফুটি নিৰ্গত হয় তেল আৰু গেছ ৷ 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে সংঘটিত হোৱা এই ঘটনাত অঞ্চলজুৰি আতংকৰ সৃষ্টি হয় ৷
চাৰিলেন যুক্ত পথ নিৰ্মাণত ব্যৱহৃত ফকলেণ্ডে তেল পৰিবাহী পাইপ ছিঙি পেলোৱাত এই ঘটনা সংঘটিত হয় ৷ লগে লগে ৰাইজে ONGC কৰ্তৃপক্ষক বিষয়টো অবগত কৰে যদিও 1 ঘন্টা পিচতহে কৰ্তৃপক্ষ উক্ত স্থানত উপস্থিত হোৱা বুলি স্থানীয়ে ৰাইজে জানিব দিয়ে ৷
লগতে পঢ়ক : কমলপুৰত অবৈধ প্ৰতিষ্ঠানৰ বিৰুদ্ধে প্ৰসাসনৰ উচ্ছেদ অভিযান