নাজিৰা,24 এপ্ৰিল: অ’এনজিচিৰ তিনি কৰ্মচাৰীৰ অপহৰণ কাণ্ডই ইতিমধ্যে অতিক্ৰম কৰিছে ৪৮ ঘণ্টাৰো অধিক ৷ ২১ এপ্ৰিলৰ নিশা প্ৰায় দুই বজাত পাঁচজনীয়া সন্দেহযুক্ত উগ্ৰপন্থীয়ে লাকুৱাৰ আঠ নং জিজিএচৰ ওচৰৰ (ROM-100) এটা ৱৰ্ক অভাৰ ৰীগৰ পৰা তিনি গৰাকী অ'এনজিচি কৰ্মচাৰীক অপহৰণ কৰিছিল ৷
এই অপহৰণ কাণ্ডৰ ৪৮ ঘণ্টাৰ পাচতো কোনো শুংসূত্ৰ পোৱা নাই আৰক্ষীয়ে ৷ কোনো উগ্ৰপন্থী সংগঠনেও আনুষ্ঠানিকভাৱে দায়িত্ব স্বীকাৰ কৰা নাই অপহৰণ কাণ্ডৰ ৷
প্ৰাপ্ত তথ্য অনুসৰি, এই অপহৰণ কাণ্ডৰ লগত জড়িতৰ সন্দেহত 14 জন লোকক ইতিমধ্যে আটক কৰিছে আৰক্ষীয়ে ৷ কিন্তু অপহৃত তিনি অ'এনজিচি বিষয়া ক্ৰমে জুনিয়ৰ টেকনিচিয়ান মোহিনী মোহন গগৈ, জুনিয়ৰ ইঞ্জিনিয়াৰ এছিচটেণ্ট অলকেশ শইকীয়া, জুনিয়ৰ টেকনিচিয়ান ৰিতুল শইকীয়াৰ খবৰ পোৱা নাই আৰক্ষী তথা পৰিয়ালৰ লোকে ৷ যাৰ বাবে পৰিয়ালৰ লগতে বিমোৰত পৰিছে অ’এনজিচি কৰ্তৃপক্ষ ৷
অ'এনজিচিৰ কাৰ্যবাহী সঞ্চালক ঔম ভীৰ সিঙে বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ যোগেদি অপহৃত কৰ্মচাৰী কেইজনক সোনকালে সুস্থ শৰীৰে মুক্তি দিবলৈ কাতৰ আহ্বান জনাইছে ৷ লগতে অপহৃত পৰিয়াল কেইটাক সৰ্বতোপ্ৰকাৰে সহায় কৰাৰ প্ৰতিশ্ৰুতি দিয়ে সঞ্চালক গৰাকীয়ে ৷ সম্প্ৰতি অ’এনজিচিৰ প্ৰতিখন তৈলক্ষেত্ৰৰ প্ৰতিটো তেলখাদত কৰ্মচাৰীসকলক অধিক সুৰক্ষা প্ৰদান কৰা হৈছে বুলি মন্তব্য কৰে অ’এনজিচিৰ অসম সম্পদৰ কাৰ্যবাহী সঞ্চালক ঔম ভীৰ সিঙে ৷
লগতে পঢ়ক: অনিশ্চয়তাৰ মাজত ONGC ৰ তিনি বিষয়া-কৰ্মচাৰীৰ পৰিয়ালবৰ্গ