ETV Bharat / state

Protest Against ONGC: পাঁচশ ঠিকাদাৰ জাঙুৰ খাই উঠিছে অ’এনজিচি কৰ্তৃপক্ষৰ বিৰুদ্ধে - Petroleum minister Rameswar Teli

তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ প্ৰায় পাঁচশ ঠিকাদাৰ পৰিয়ালক ভাতে মৰা ষড়যন্ত্ৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ জাঙুৰ খাই উঠিছে শিৱসাগৰ জিলা অ এন জি চি (এল) ঠিকাদাৰ ডেভলেপমেণ্ট কাউঞ্চিল (Sivasagar ONGC contactors) ।

Protest Against ONGC
পাঁচশ ঠিকাদাৰ জাঙুৰ খাই উঠিছে অ’এনজিচি কৰ্তৃপক্ষৰ বিৰুদ্ধে
author img

By

Published : Jul 18, 2022, 10:11 PM IST

শিৱসাগৰ, 18 জুলাই: উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম বৃহৎ উদ্যোগ তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ প্ৰায় পাঁচশ ঠিকাদাৰ পৰিয়ালক ভাতেমৰাৰ ষড়যন্ত্ৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ ফলত অইলৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে শিৱসাগৰ জিলা অ এন জি চি (এল) ঠিকাদাৰ ডেভলেপমেণ্ট কাউঞ্চিলে (Sivasagar ONGC contractors) ।

সন্থাটোৱে আজি এই সন্দৰ্ভত শিৱসাগৰ প্ৰেছ ক্লাবৰ প্ৰেক্ষাগৃহত এখনি সংবাদমেল আয়োজন কৰি তেল আৰু গেছ নিগম কৰ্তৃপক্ষৰ বিৰুদ্ধে সৰৱ হোৱাৰ লগতে নিগম কৰ্তৃপক্ষই কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে । সংবাদমেলত সন্থাৰ সভাপতি ৰোহিনী ৰাজখোৱা, সম্পাদক চম্পক হাজৰিকা আদিকে ধৰি কেইবাগৰাকী বিষয়ববীয়া উপস্থিত থাকি উল্লেখ কৰে যে, ২০১৯ বৰ্ষৰ ছেপ্তেম্বৰ মাহত RC2NC1909 নিবিদাৰ যোগেদি তিনিবছৰৰ বাবে আহ্বান কৰা তৈল্যক্ষেত্ৰ কেইখনত এনুৱেল ৰেট কনট্ৰেক নিবিদাত দুবাৰকৈ নিৰিখ ধাৰ্য কৰিব দি ক’ভিড-১৯ ৰ সুযোগ লৈ নিম্ন হাৰত নিৰিখ ধাৰ্য কৰিবলৈ বাধ্য কৰালে । ঠিকাদাৰসকলক ব্লেক লিষ্টেড কৰাৰ ভাবুকি প্ৰদান কৰিছিল নিগম কৰ্তৃপক্ষই । যাৰ বাবে ঠিকাদাৰসকল বহু লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছিল ।

পাঁচশ ঠিকাদাৰ জাঙুৰ খাই উঠিছে অ’এনজিচি কৰ্তৃপক্ষৰ বিৰুদ্ধে

এই সন্দৰ্ভত পেট্ৰ’লিয়াম মন্ত্ৰী ৰামেশ্বৰ তেলীৰ(Petroleum minister Rameswar Teli) যোগেদি তেল গেছ নিগম কৰ্তৃপক্ষক উক্ত নিবিদা বাতিল কৰাৰ দাবী জনাই এখনি স্মাৰক প্ৰদান কৰিছিল যদিও কোনো এটা পক্ষই বিষয়টো গুৰুত্ব নিদিলে বুলি সংবাদমেলত সন্থাই স্পষ্টকৈ উল্লেখ কৰে । আন এটা বিষয়ত সন্থাৰ বিষয়ববীয়াই সংবাদমেলত উল্লেখ কৰে যে, চলিত বৰ্ষৰ জুন মাহত RCIB22005 ৰ যোগেদি অইল কৰ্তৃপক্ষই নিবিদা আহ্বান কৰিছিল ।

উক্ত নিবিদাত SUB HEAD A আৰু SUB HEAD B বুলি উল্লেখ কৰি লাকুৱা, গেলেকী, ৰুদ্ৰসাগৰ তিনিখন তৈলক্ষেত্ৰৰ প্ৰত্যেকতে দুটাকৈ গ্ৰুপ উল্লেখ কৰি A গ্ৰুপত পাঁচজনকৈ আৰু B গ্ৰুপত পোন্ধৰ জনকৈ প্ৰত্যক তৈলক্ষেত্ৰত ঠিকাদাৰ বাচনি কৰা হ’ব বুলি উল্লেখ কৰাত তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে সন্থাই(ONGC Contractors development associations) । এই সন্দৰ্ভত সন্থাই উক্ত নিবিদাৰ সম্পৰ্কত যোৱা ৫ জুলাইত নিগম কৰ্তৃপক্ষক স্মাৰক পত্ৰৰ যোগেদি সকলো ঠিকাদাৰক অন্তভূক্তিৰ দাবী জনোৱাৰ লগতে নিৰিখ ধাৰ্য ১০ শতাংশ তলত অথবা ওপৰত নিৰিখ ধাৰ্য কৰিবলৈ দাবী জনাইছিল যদিও নিগম কৰ্তৃপক্ষই কোনো ব্যৱস্থা গ্ৰহণ নকৰাত সন্থাই আজি সংবাদমেলত নিগমৰ বিৰুদ্ধে সৰৱ হৈ পৰে ।

আনকি স্থানীয় শিক্ষিত নিৱনুৱাসকলক ঠিকা কামৰ পৰা বঞ্চিত কৰি ভাতেমৰাৰ ব্যৱস্থা কৰা নিগম কৰ্তৃপক্ষক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে শীঘ্ৰে নিগমৰ বিৰুদ্ধে গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে সন্থাটোৱে ।

লগতে পঢ়ক: Tense situation in Barpeta Road: সুৰাৰ দোকানৰ নামত আপত্তিবিহীন প্ৰমাণপত্ৰ প্ৰদানক লৈ উত্তেজনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.