ETV Bharat / state

সংবাদকৰ্মীক আক্ৰমণৰ ঘটনাত জড়িত ব্যক্তিক আটক - আবকাৰী বিভাগ

শিৱসাগৰ জিলাৰ হালোৱাটিং আৰক্ষীৰ সফল অভিযান । জিলা প্ৰশাসন আৰু আবকাৰী বিভাগৰ অভিযানকাৰী দল আৰু সংবাদকৰ্মীক আক্ৰমণ কৰা দুৰ্বৃত্তক আটক ৷

One arrested involving journalist attack in amguri assam etv bharat news
আক্ৰমণৰ ঘটনাত জড়িত ব্যক্তিক আটক
author img

By

Published : Oct 28, 2020, 1:53 PM IST

আমগুৰি,28 অক্টোবৰ: শিৱসাগৰৰ হালোৱাটিং আৰক্ষীৰ সফল অভিযান ৷ বিগত 16 অক্টোবৰত অসম-নাগালেণ্ড সীমান্তৱৰ্তী হালোৱাটিং আৰক্ষী থানাৰ অন্তৰ্গত এক অঞ্চলত জিলা প্ৰশাসন, আবকাৰী বিভাগ আৰু স্থানীয় আৰক্ষীৰ যৌথ অভিযানত উদ্ভৱ হৈছিল এক অপ্ৰীতিকৰ পৰিস্থিতি ৷ হালোৱাটিং বজাৰৰ সমীপৰ কপাহতলি মিছিং গাঁৱত অবৈধ অৰুণাচলী সুৰাৰ বিৰুদ্ধে চলিছিল উক্ত অভিযান ৷ অভিযানৰ সময়ছোৱাত অভিযানকাৰী দলটোৰ লগতে একাংশ সংবাদকৰ্মী আক্ৰমণৰ বলি হৈছিল স্থানীয় লোকৰ ৷

আক্ৰমণৰ ঘটনাত জড়িত ব্যক্তিক আটক

পৰৱৰ্তী সময়ত ৰাজু য়েইন আৰু বিমল গাৰে নামৰ দুগৰাকী দুৰ্বৃত্তৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছিল স্থানীয় আৰক্ষী চকীত ৷ দুৰ্বৃত্ত দুগৰাকীয়ে ঘটনা সংঘটিত হোৱাৰ পিছত কিছুদিন ধৰি আত্মগোপন কৰে ৷ অৱশেষত আৰক্ষীৰ অভিযানকাৰী দলে মঙলবাৰৰ নিশা এগৰাকী দুৰ্বৃত্তৰ ম’বাইলৰ লোকেচনৰ ভিত্তিত তথ্য সংগ্ৰহ কৰি অভিযান চলাই আটক কৰিবলৈ সক্ষম হয় ৷

হালোৱাটিং আৰক্ষী আৰু যোৰহাটৰ পুলিবৰ আৰক্ষীয়ে চলোৱা এই যৌথ অভিযানত কাৰেং চাপৰিৰ এঘৰ লোকৰ ঘৰত আত্মগোপন কৰি থকা অৱস্থাত বিমল গাৰেক আটক কৰে আৰক্ষীয়ে ৷ সম্প্ৰতি আৰক্ষীয়ে গাৰেক জেল হাজোতলৈ প্ৰেৰণ কৰিছে ৷ লগতে ৰাজু য়েইনক বিচাৰি অব্যাহত ৰাখিছে তদন্ত ৷

লগতে চাওকঃ অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.