ETV Bharat / state

ৰোগেও হাৰ মনাব নোৱৰা আমগুৰিৰ নিহাৰীকা - নিহাৰীকা হাতীবৰুৱা

শৰীৰৰ যন্ত্ৰণাক হাতৰ মুঠিত লৈ নিহাৰীকাই 2017 বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ভাল ফল লাভ কৰাৰ পিচত উচ্চতৰ মাধ্যমিক পৰীক্ষাতো সুখ্যাতিৰে উত্তীৰ্ণ হয় ৷

নিহাৰীকা হাতীবৰুৱা
author img

By

Published : May 26, 2019, 9:56 AM IST

আমগুৰি , 26 মে': দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈও আমগুৰিলৈ গৌৰৱ কঢ়িয়ালে নিহাৰীকাই ৷ শিৱসাগৰ জিলাৰ আমগুৰি চামগুৰি নীলাক্ষি মেম'ৰিয়েল একাডেমীৰ ছাত্ৰী নিহাৰীকা হাতীবৰুৱাই সদ্যঘোষিত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত চাৰিটা বিষয়ত লেটাৰ মাৰ্ক লাভ কৰি প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে ৷

জটিল ৰোগৰ আগতো হাৰ নমনা আমগুৰিৰ নিহাৰীকা

দিকচু চোমদাৰ গাঁৱৰ নিবাসী প্ৰমোদ হাতীবৰুৱা আৰু দীপামণি হাতীবৰুৱাৰ কন্যা নিহাৰীকা 2013 চনতে দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হৈছিল ৷ শৰীৰৰ যন্ত্ৰণাক হাতৰ মুঠিত লৈ নিহাৰীকাই 2017 বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ভাল ফল লাভ কৰাৰ পিচত উচ্চতৰ মাধ্যমিক পৰীক্ষাতো সুখ্যাতিৰে উত্তীৰ্ণ হয় ৷ নিহাৰীকাই ইংৰাজী, অসমীয়া, সমাজতত্ত্ব, ৰাজনীতি বিজ্ঞানত লেটাৰ মাৰ্ক লাভ কৰিবলৈ সক্ষম হৈছে ৷ নিহাৰীকাক লৈ এতিয়া নিহাৰীকাৰ পিতৃ-মাতৃৰ লগতে নীলাক্ষি মেম'ৰিয়েল একাডেমীৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে গৌৰৱ কৰিছে ৷ লগতে অঞ্চলবাসীয়েও আনন্দত আত্মহাৰা হৈ পৰে ৷ নিহাৰীকাৰ প্ৰৱল উচ্চাকাংক্ষাই কৰ্কট ৰোগকো একাশৰীয়া কৰি আত্মবিশ্বাসৰ বলত অঞ্চলটোলৈ এটা সুন্দৰ ফলাফল কঢ়িয়াই আনে ৷ এইগৰাকী নিহাৰীকা হাতীবৰুৱালৈ ইটিভি ভাৰত অসমৰ তৰফৰ পৰা শুভেচ্ছা ৷

Intro:Body:Cancer patient Niharika success HS results

আমগুৰি:২৬মে:
শৰীৰত দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈও আমগুৰিলৈ গৌৰৱ কঢ়িয়ালে নিহাৰীকাই। আমগুৰিৰ চামগুৰি নীলাক্ষি মেম'ৰিয়েল একাডেমীৰ পৰা সদ্যঘোষিত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত চাৰিটা বিষয়ত লেটাৰ মাৰ্ক লাভ কৰি প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে নিহাৰীকা হাতীবৰুৱা।

দিকচু চোমদাৰ গাঁওৰ নিবাসী প্ৰমোদ হাতীবৰুৱা আৰু দীপামণি হাতীবৰুৱাৰ কন্যা নিহাৰীকা ২০১৩ চনতে আক্ৰান্ত হৈছিল দুৰাৰোগ্য কৰ্কট ৰোগত। শৰীৰৰ যান্ত্ৰনাক হাতৰ মুঠিত লৈ নিহাৰীকাই ২০১৭ বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ভালফল লাভ কৰাৰ পিছত উচ্চতৰ মাধ্যমিকতো সুখ্যাতিৰে উৰ্ত্তীণ হয়।নিহাৰীকাই ইংৰাজী, অসমীয়া, জিঅ'লজী, সমাজতত্ত্ব, ৰাজনীতি বিজ্ঞানত লেটাৰ মাৰ্ক লাভ কৰিবলৈ সক্ষম হৈছে।

নিহাৰীকাক লৈ গৌৰৱ কৰিছে নিহাৰীকাৰ পিতৃ-মাতৃৰ লগতে নীলাক্ষি মেম'ৰিয়েল একাডেমীৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে। অঞ্চলবাসীয়েও আনন্দত আত্মহাৰা হৈ উঠিছে।

ইতিমধ্যে নিহাৰীকাই শিৱসাগৰ কলেজত নামভৰ্তী কৰিব বুলি জনাইছে। নিহাৰীকাৰ প্ৰৱল উচ্চাকাংক্ষাই কৰ্কট ৰোগকো একাশৰীয়া কৰি আত্মবিশ্বাসৰ বলত অঞ্চলটোলৈ এটা সুন্দৰ ফলাফল কঢ়িয়াই আনে। ২০০০ চনত জন্মগ্ৰহণ কৰা নিহাৰীকা ২০১৫ চনত বহু ব্যয়বহুল চিকিৎসাৰ অন্তত গুৱাহাটীত অপাৰেচনৰ যোগেদি আৰোগ্য লাভ কৰে। এইগৰাকী নিহাৰীকা হাতীবুৱালৈ ইটিভি ভাৰত অসমৰ যোগেদি শুভেচ্চা জনাইছো।

আমগুৰিৰ পৰা সমীৰণ দুৱৰা ইটিভি ভাৰত অসমConclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.