ETV Bharat / state

Devi Dol in crisis : দেৱীদৌলৰ প্ৰতি ভাবুকি, পুৰাতত্ব বিভাগৰ বিৰুদ্ধে সৰৱ স্থানীয় সংগঠন

জহি-খহি গৈছে ঐতিহাসিক দেৱী দৌলৰ বহু অংশ । বেৰৰ ইটাবোৰো ভাঙি যাবলৈ আৰম্ভ কৰিছে । অস্তিত্বৰ গৰাহত আহোম যুগৰ সমল (Devi Dol in crisis)। পুৰাতত্ব বিভাগৰ চূড়ান্ত অৱহেলাৰ বিৰুদ্ধে সৰৱ সদৌ টাই আহোম ছাত্ৰ সন্থা ।

Devi Dol in crisis
দেৱীদৌলৰ প্ৰতি ভাবুকি
author img

By

Published : Mar 4, 2023, 12:30 PM IST

Updated : Mar 4, 2023, 1:04 PM IST

দেৱীদৌলৰ প্ৰতি ভাবুকি

আমগুৰি, ৪ মাৰ্চ : অসমৰ ঐতিহাসিক সমলবোৰৰ ভিতৰত অন্যতম হৈছে শিৱসাগৰৰ দেৱীদৌল (Historical Devi Dol)। এই ঐতিহাসিক স্থানলৈ বিশ্বৰ ভিন্ন প্ৰান্তৰ পৰা প্ৰতিবছৰে হাজাৰ হাজাৰ পৰ্যটকৰ আগমন হয় । আহোম যুগৰ এই সমল অসমৰ বাবে গৌৰৱ (Ahom Era)। কিন্তু পুৰাতত্ব বিভাগৰ অৱহেলাৰ বাবে বৰ্তমান সংকটত এই দেৱীদৌল ।

পুৰাতত্ব বিভাগৰ অমনোযোগিতাৰ বাবে এতিয়া জহি-খহি যাবলৈ আৰম্ভ কৰিছে শিৱসাগৰৰ গৌৰীসাগৰত থকা ঐতিহাসিক দেৱীদৌল (Historic Devi Dol has begun to crumble)। আহোম ৰাজত্বৰ অন্যতম স্বাক্ষৰ বহনকাৰী দেৱীদৌলৰ ভাস্কৰ্যসমূহ ভাগি যাবলৈ আৰম্ভ কৰিছে । ঠায়ে ঠায়ে কৰাল এৰি গৈছে পৌৰাণিক চটীয়া ইটাৰ । বৰৰজা ফুলেশ্বৰী কুঁৱৰীৰ ৰাজত্বকালত ১৭২২-১৭৩১ খ্ৰীষ্টাব্দৰ ভিতৰত নিৰ্মাণ কৰা দৌলটোৰ ভাস্কৰ্য ভাগি এৰি যোৱাৰ পাছতো কিন্তু সঠিক সংৰক্ষণৰ ব্যৱস্থা কৰা নাই কেন্দ্ৰীয় পুৰাতত্ব বিভাগে ।

গৌৰীসাগৰৰ তিনিটা দৌলৰ ভিতৰত অন্যতম কাৰুকাৰ্য খচিত চিত্ৰ-ভাস্কৰ্যৰ সমাহাৰ দৌল হিচাপে পৰিচিত দেৱীদৌল বিপদাপন্ন হোৱাৰ পাছতো গুৰুত্ব নাই কেন্দ্ৰীয় পুৰাতত্ব বিভাগৰ (Negligence of Archaeology Department for Devi Dol)। গৌৰীসাগৰৰ পৰ্যটকৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু দেৱীদৌলৰ বাহিৰভাগত শিলত কটা চাৰিমুখীয়া দেৱ-দেৱী, হাতী, ফুল আদি বহু অংশ ভাগি গৈছে ।

উল্লেখ্য যে বৰৰজা ফুলেশ্বৰী কুঁৱৰী আহোম ৰজা শিৱ সিংহৰ প্ৰধান ৰাণী আছিল (Ahom Queen Phuleshwari Kunwari)। আহোম ৰাজ্য প্ৰত্যক্ষভাৱে শাসন কৰা ফুলেশ্বৰী কুঁৱৰীয়ে প্ৰথম মহিলা । ফুলেশ্বৰী কুঁৱৰী প্ৰথম দেৰগাঁৱৰ শিৱ মন্দিৰৰ এগৰাকী নৰ্তকী আছিল । আচল নাম আছিল ফুলমতী । শিৱ সিংহই তেওঁক দেখি মুগ্ধ হৈ বিয়া কৰাইছিল । আহোম স্বৰ্গদেও শিৱ সিংহই "ছত্ৰ ভংগ যোগ পৰা" বুলি জ্যোতিষীৰ ভৱিষ্যতবাণীত শংকিত হৈ শাসনভাৰ ফুলেশ্বৰীৰ হাতত অৰ্পণ কৰিছিল । কঠোৰ শাক্ত-ধৰ্মী ফুলেশ্বৰীয়ে শাক্ত ধৰ্মক ৰাজ্যৰ প্ৰধান ধৰ্ম কৰিবলৈ বিচাৰিছিল ।

বৰৰজা ফুলেশ্বৰী কুঁৱৰী অত্যন্ত সাহিত্যনুৰাগী আছিল । ফুলেশ্বৰী কুঁৱৰীয়ে শকুন্তলা কাব্যখন অসমীয়ালৈ অনুবাদ কৰাইছিল (History of Devi Dol)। তেওঁ ৰাজপ্ৰসাদৰ চৌহদত "বৰৰজা পঢ়াশালি" নামেৰে সংস্কৃত টোল এখন স্থাপন কৰিছিল । গৌৰীসাগৰ পুখুৰী খনন কৰাই আৰু ইয়াৰ পাৰত শিৱ, বিষ্ণু আৰু দেৱী তিনিটা দৌল নিৰ্মাণ কৰোৱাইছিল । কেইবাটাও মন্দিৰলৈ তেওঁ মাটি দান কৰিছিল । সৰু সৰু ছোৱালীবোৰক বোৱা-কটা শিকাবলৈও তেওঁ নানান প্ৰয়াস কৰিছিল ।

বৰৰজা ফুলেশ্বৰী কুঁৱৰীৰ ৰাজত্বকালৰ অন্যতম স্মৃতি তথা স্থাপত্য-ভাস্কৰ্যৰ নিদৰ্শন গৌৰীসাগৰ দেৱীদৌল বিপদাপন্নৰ দিশে গতি কৰাত জাঙুৰ খাই উঠিছে সদৌ টাই আহোম ছাত্ৰ সন্থা । ইতিমধ্যে সদৌ টাই আহোম ছাত্ৰ সন্থাই (ATASU slams Archaeology Department) কেন্দ্ৰীয় পুৰাতত্ব বিভাগক দেৱীদৌল শীঘ্ৰে সংৰক্ষণ কৰিবলৈ দাবী জনাইছে । অন্যথা প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণৰো হুংকাৰ দিছে সংগঠনটোৱে ।

লগতে পঢ়ক :Rangia Municipality Deforestation Controversy: পৌৰসভাই কিয় কাটিলে ৰঙিয়াৰ মূল্যৱান গছবোৰ ?

Last Updated : Mar 4, 2023, 1:04 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.