ETV Bharat / state

কুইপ'ৰ দুই বিষয়াৰ অপহৰণ: সৰৱ মুছলিম কল্যান পৰিষদ, অসমীয়া যুৱ মঞ্চ

কুইপ'ৰ দুই বিষয়াৰ অপহৰণক লৈ আলফা আৰু চৰকাৰ উভয়ৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে উজনি অসম মুছলিম কল্যাণ পৰিষদ আৰু বৃহত্তৰ অসমীয়া যুৱ মঞ্চ ৷ চৰকাৰৰ স্থিতিক কঠোৰ সমালোচনা কৰাৰ লগতে দুই বিষয়াক মুক্তি দিবলৈ পৰেশ বৰুৱাক আহ্বান দুই সংগঠনৰ ৷

AS_SVR_803_PRESS_MEET_VIS_IMG_AS10042
muslim kalyan parishad appeals ulfa i to release the two abducted officer of quippo
author img

By

Published : Feb 21, 2021, 5:14 PM IST

শিৱসাগৰ, 21 ফেব্ৰুৱাৰী: কুইপ'ৰ দুই বিষয়া ক্ৰমে প্ৰণৱ গগৈ আৰু ৰাম কুমাৰক আলফা (স্বাঃ) ই অপহৰণ কৰি মুক্তিপণ দাবী কৰাৰ লগতে মুক্তিপণ নিদিলে কঠোৰতম ব্যৱস্থা লোৱাৰ বাবে যি ভাবুকি প্ৰদান কৰিছে তাক লৈ উজনি অসম মুছলিম কল্যান পৰিষদ আৰু বৃহত্তৰ অসমীয়া যুৱ মঞ্চ সৰৱ হৈ পৰা পৰিলক্ষিত হৈছে ৷

এখনি যৌথ সংবাদমেল সম্বোধন কৰি আলফা (স্বাঃ) ৰ এই কাৰ্যক কঠোৰ ভাষাৰে সমালোচনা কৰি দুয়োটা সংগঠনে কোৱল আলফাৰ আৰ্থিক স্থিতি টনকিয়াল কৰিবলৈ দুই নিৰীহ বিষয়াক পণবন্দী কৰি দুয়োৰে পৰিয়ালক দিয়া মানসিক যন্ত্ৰণাক এক অমানৱীয় ঘটনা হিচাপে আখ্যা দিয়ে ৷

কুইপ'ৰ দুই বিষয়াৰ অপহৰণক লৈ আলফা আৰু চৰকাৰ উভয়ৰ বিৰুদ্ধে সৰৱ দুই সংগঠন

শিৱসাগৰৰ এগৰাকী পিতৃ স্বৰূপ জ্যেষ্ঠ সাংবাদিক কমলা শইকীয়াক নিৰ্মমভাৱে হত্যা কৰাৰ পাছতে ৰংপুৰীয়া ৰাইজৰ আলফাৰ প্ৰতি সমৰ্থন হ্ৰাস পাইছিল বুলি মন্তব্য কৰাৰ লগতে নিৰীহ লোকৰ তেজেৰে ফাকু খেলিব খোজা আলফা আৰু তালিবানৰ মাজত কোনো পাৰ্থক্য নাথাকিব বুলিও দুই সংগঠনে মত প্ৰকাশ কৰে ৷

সংবাদমেলখনৰ জৰিয়তে দুই সংগঠনে চৰকাৰৰ স্থিতিকো সমালোচনা কৰাৰ লগতে আলফা (স্বাঃ) ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাক দুই অপহৃত বিষয়াক মানৱীয়তাৰ খাতিৰত মুকলি কৰি দিয়াৰ আহ্বান জনায় ৷ সংগঠন দুটাই এই কথাও উনুকিয়াই দিয়ে যে, যদিহে ভাবুকি দিয়াৰ দৰেই আলফা (স্বাঃ) ই দুই পণবন্দী বিষয়াৰ ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে তেন্তে জন্মস্থান শিৱসাগৰতে ৰংপুৰীয়া ৰাইজে আলফা মুৰ্দাবাদ ধ্বনি দিবলৈ বাধ্য হ'ব ৷

লগতে পঢ়ক: আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱালৈ জুবিনৰ আহ্বান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.