নিউজ ডেস্ক, 24 মাৰ্চ : এবছৰৰ পূৰ্বেই ভূঞাহাটৰ জাঁজী নৈ পাৰৰ 5 বিঘা মাটিত কুঁহিয়াৰৰ খেতি কৰিছিল বিধায়ক প্ৰদীপ হাজৰিকাই ৷ এতিয়া লহপহীয়াকৈ বাঢ়ি অহা পুৰঠ কুঁহিয়াৰ দেখি নিৰ্বাচনলৈ যেন পাহৰিছে বিধায়কজনে ৷ পুৰঠ কুঁহিয়াৰ কাটি পথাৰৰ মাজতে কুঁহিয়াৰ পেৰি গুৰো উৎপাদন কৰিলে বিধায়ক প্ৰদীপ হাজৰিকাই ৷
নিৰ্বাচনী বতাহে স্পৰ্শ কৰিব নোৱাৰা বিধায়কগৰাকী - প্ৰদীপ হাজৰিকা
ৰাজনীতিৰ পৰা আঁতৰি পথাৰলৈ আহি কুঁহিয়াৰ খেতিত মনোনিৱেশ কৰিছে আমগুৰিৰ অগপ বিধায়ক প্ৰদীপ হাজৰিকাই
etv bharat
নিউজ ডেস্ক, 24 মাৰ্চ : এবছৰৰ পূৰ্বেই ভূঞাহাটৰ জাঁজী নৈ পাৰৰ 5 বিঘা মাটিত কুঁহিয়াৰৰ খেতি কৰিছিল বিধায়ক প্ৰদীপ হাজৰিকাই ৷ এতিয়া লহপহীয়াকৈ বাঢ়ি অহা পুৰঠ কুঁহিয়াৰ দেখি নিৰ্বাচনলৈ যেন পাহৰিছে বিধায়কজনে ৷ পুৰঠ কুঁহিয়াৰ কাটি পথাৰৰ মাজতে কুঁহিয়াৰ পেৰি গুৰো উৎপাদন কৰিলে বিধায়ক প্ৰদীপ হাজৰিকাই ৷
*খেতিয়কৰ ৰূপত বিধায়ক প্ৰদীপ হাজৰিকা-নিৰ্বাচনৰ ব্যস্ততা এৰি গুড় উৎপাদনত ব্যস্ত*
Story-FARMER_MLA
Ananta Smith
Sivasagar
24th March
A_SVR_24TH_MAR_801-804_FARMER_MLA_ANANTA
ৰাজ্যত লোকসভা নিৰ্বাচনৰ গৰম বতাহ। প্ৰতিটো ৰাজনৈতিক দলৰ নেতা-পালিনেতা ব্যস্ত নিৰ্বাচনী প্ৰচাৰত। ব্যতিক্ৰম নহয় আমগুৰি সমষ্টিও।
এইবাৰ চৰ্চালৈ আহিছে আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকা। নিৰ্বাচনী প্ৰচাৰ অথবা অংকত ব্যস্ত নাথাকি বিধায়ক হাজৰিকাই মনোনিৱেশ কৰিলে কৃষিকৰ্মত।
নিৰ্বাচন আহিব আৰু যাব। কিন্তু কৃষিকৰ্ম কৰিবই লাগিব। এবছৰৰ পূৰ্বেই বিধায়ক হাজৰিকাই নিজ হাতেৰে ভূঞাহাটৰ জাঁজী নদীৰ কাষত ৫বিঘা মাটিকালিত কৰিছিল কুহিয়াৰ খেতি। লহপহকৈ বাঢ়ি অহা কুহিয়াৰ পুৰঠ হোৱাত বিধায়ক হাজৰিকাই নিজ হাতেৰে পেৰিবৰ বাবে মন মেলে।
আমগুৰিত হেৰাই যোৱা এই পৰম্পৰা ধৰি ৰাখিবৰ বাবে হাজৰিকাই কুহিয়াৰ খেতি কৰি কুহিয়াৰ পেৰি পগাই গুৰ প্ৰস্তুত কৰিব।
ৰাইজৰ প্ৰতিনিধি তথা বিধায়ক হলেই নহব। কৃষকক উৎসাহ উদগনিও দিব লাগিব। আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাই দেখুওৱা এনে কৰ্মই ব্যাপক চৰ্চা লাভ কৰা লগতে কৃষকক প্ৰেৰণা যোগাবলৈ সক্ষম হৈছে।
Bite-&2-