ETV Bharat / state

চৰকাৰী বিষয়া সকলৰ সৈতে বিধায়ক অখিল গগৈৰ বৈঠক

author img

By

Published : Jul 6, 2021, 10:56 PM IST

মঙলবাৰে উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত শিৱসাগৰ সমষ্টিৰ অন্তৰ্গত বিভিন্ন চৰকাৰী বিভাগৰ মূৰব্বী বিষয়াসকলৰ সৈতে এখন পৰ্যালোচনা বৈঠকত মিলিত হয় বিধায়ক অখিল গগৈ ৷ বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়াই বিধায়ক গৰাকীয়ে ৷

MLA Akhil Gogoi meets government officials
চৰকাৰী বিষয়া সকলৰ সৈতে বিধায়ক অখিল গগৈৰ বৈঠক

শিৱসাগৰ, 6 জুলাই : শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে মঙলবাৰে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এখন পৰ্যালোচনা বৈঠকত অংশ লয় ৷ শিৱসাগৰ সমষ্টিৰ অন্তৰ্গত বিভিন্ন চৰকাৰী বিভাগৰ মুৰব্বী বিষয়াসকল উপস্থিত থাকে এই বৈঠকত । উপায়ুক্তৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকত বিধায়ক গৰাকীয়ে সমষ্টিটোৰ অন্তৰ্গত বিভিন্ন বিভাগৰ অধীনত ৰূপায়ন হৈ থকা আঁচনি আৰু কাম-কাজৰ অগ্ৰগতিৰ বিষয়ে বিতংভাৱে বুজ লয়।

পৰ্যালোচনা কালত বিধায়ক গৰাকীয়ে সমষ্টিটোত এখন উন্নত মানৰ ৰাইপেনিং চেণ্টাৰ স্থাপন কৰাৰ পৰিকল্পনা প্ৰস্তুত কৰিবলৈ কৃষি বিভাগক পৰামৰ্শ দিয়ে । লগতে শিৱসাগৰ সমষ্টিত এখন উন্নত নাৰ্চাৰী স্থাপন কৰাৰ উদ্যোগ গ্ৰহণ কৰি তাত বিশেষভাৱে এজাৰ, সোণাৰু, কৃষ্ণচূড়া, ৰাধাচূড়া আদি গছৰ পুলি উৎপাদন কৰিবলৈ আহ্বান জনায় ৷ যাতে এই গছসমূহ ৰোপণৰ দ্বাৰা সমষ্টিটোৰ সৌন্দৰ্যবৰ্ধন কৰিব পাৰি ।

উল্লেখ্য যে, শিৱসাগৰ সমষ্টিৰ বিধায়কল গৰাকীয়ে সমষ্টিটোৰ অংগনবাড়ী কেন্দ্ৰসমূহত মজুত থকা সা-সুবিধা তথা আন্তঃগাঁথনিৰ বিষয়ে বিতং বিৱৰণ সহ এক প্ৰতিবেদন দাখিল কৰিবলৈ কয় ।

আলোচনা কালত বিধায়ক গৰাকীয়ে চি.আই.ডি.এফ. শিতানৰ অধীনত শিৱসাগৰ সমষ্টিত ৰূপায়ন হ'বলগীয়া আঁচনিৰ বিষয়েও বিস্তৃতভাৱে বুজ লয় । তেওঁ চি. আই.ডি.এফ.ৰ অধীনৰ আঁচনিসমূহৰ কাম-কাজ ক্ষীপ্ৰতাৰে আৰম্ভ কৰিবলৈ কয় । তেওঁ লগতে শিৱসাগৰ সমষ্টিৰ সৌন্দৰ্যবৰ্ধন আৰু পাৰ্কিঙৰ সু-ব্যৱস্থা কৰাৰ পৰিকল্পনা গ্ৰহণ কৰিবলৈ আহ্বান জনায় ।

বিধায়ক গৰাকীয়ে অসম টাই যাদুঘৰৰ উন্নীতকৰণৰ বাবে বিভিন্ন পৰামৰ্শও আগবঢ়ায় । সমষ্টিটোৰ বিভিন্ন ব্যক্তিৰ লগত মজুত থকা ঐতিহাসিক সমলসমূহ সংগ্ৰহ কৰি যাদুঘৰটিত ৰখাৰ পৰিকল্পনাৰ বিষয়েও বিধায়ক গৰাকীয়ে সদৰি কৰে । খণ্ড উন্নয়ন বিষয়া সকলক সমষ্টিটোত মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আঁ‌চনিৰ অধীনত কৰ্মৰত লোকসকলৰ ১০০ টা কৰ্মদিন সুনিশ্চিত কৰিবলৈ আহ্বান জনায়।

লগতে পঢ়ত : অৰুণাচলৰ জিৰ’ত আপাটানি সকলৰ ড্ৰী উৎসৱ উদযাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.