আমগুৰি, 21 মে’ : ৰাজ্যৰ বিভিন্ন জিলাত এতিয়া বান আৰু গৰাখহনীয়াৰ তাণ্ডৱ । বানপানীৰ কবলত পৰি সৰ্বশ্ৰান্ত হৈ পৰিছে বহু পৰিয়াল । আনকি শিৱসাগৰ জিলাৰ আমগুৰিটো বান আৰু গৰাখহনীয়াই লৈছে ভয়াবহ ৰূপ ৷
শিৱসাগৰ জিলাৰ আমগুৰি সমষ্টিৰ মিটং নদীৰ মথাউৰিয়ে বিনিদ্ৰ ৰজনী কটাবলৈ বাধ্য কৰিছে বহু পৰিয়ালৰ লোকক (Mitong River erosion at Amguri)৷ আমগুৰি সমষ্টিৰ চিন্তামণিগড় ডিমৰুগুৰিৰ মিটং নদীৰ প্ৰায় 150 মিটাৰ মথাউৰি খহিবলৈ আৰম্ভ কৰাত শংকিত হৈ পৰিছে নৈ-কাষৰীয়া লোকসকল ৷
জকাইচুক আৰু শিমলুগুৰি মৌজাৰ সংযোগস্থল মিটং মথাউৰি খহিবলৈ ধৰাত 20 খনৰো অধিক গাঁৱলৈ নামি আহিছে এতিয়া অশনি সংকেত ৷ আনকি শিৱসাগৰ জিলা জলসম্পদ বিভাগৰ অধিনস্থ ডিমৰুগুৰিৰ মিটং নদীৰ মথাউৰিটোত বিভাগীয় কৰ্তৃপক্ষই জিঅ'বেগৰ ব্যৱস্থা নকৰাত ক্ষোভিত হৈ উঠিছে এতিয়া স্থানীয় লোকসকল ।
স্থানীয় ৰাইজৰ অভিযোগ, পালমৰা কাম কৰি লক্ষ লক্ষ টকা উদৰস্থ কৰিছে বিভাগটোৰ ঠিকাদাৰে ৷ সেয়ে স্থানীয় লোকৰ দাবী, শীঘ্ৰে এই সমস্যা সমাধান কৰক চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই ৷
লগতে পঢ়ক : River erosion in Kaliabor : মহাবাহুৰ গৰ্ভত বিলীন মেলা পথাৰৰ সিংহভাগ