ETV Bharat / state

ৰাজ্যত এমাহৰ বাবে মজুত আছে খাদ্য সামগ্ৰীঃ অতুল বৰা - যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰী

কৃষক ৰাইজৰ সমস্যা সমাধানৰ বাবে ৰাজ্য চৰকাৰে লৈছে বিশেষ ব্যৱস্থা ৷ সংবাদমেল যোগে জনালে কৃষি মন্ত্ৰী অতুল বৰাই ৷

Minister's press meet at sivsagar
কৃষি মন্ত্ৰী অতুল বৰা
author img

By

Published : Apr 16, 2020, 5:56 PM IST

শিৱসাগৰ,16 এপ্ৰিলঃ লক ডাউনৰ ফলত বিভিন্ন সমস্যাৰ সন্মুখীন হোৱা ৰাজ্যৰ কৃষক ৰাইজৰ সকলোবোৰ সমস্যা সমাধানৰ বাবে ৰাজ্য চৰকাৰে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিছে ৷ আজি শিৱসাগৰৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ চ্যুকাফা ভৱনত অনুষ্ঠিত হোৱা এক সংবাদ মেলত এই মন্তব্য কৰিছে কৃষি মন্ত্ৰী অতুল বৰাই ৷ ইয়াৰ লগতে কৃষকসকলক বীজ,ইন্ধন আদিৰ লগতে সকলো প্ৰয়োজনীয় ব্যৱস্থা দিয়া হ'ব বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে সামাজিক ব্যৱধান ৰাখি কৃষক ৰাইজক কৃষি কৰ্মত ব্ৰতী হ'বলৈ আহ্বান জনায়।

ৰাজ্যত এমাহৰ বাবে মজুত আছে খাদ্য সামগ্ৰী

আনহাতে সংবাদমেলত উপস্থিত থাকি যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে ৰাজ্যত এমাহৰ বাবে প্ৰয়োজনীয় খাদ্য সামগ্ৰী মজুত আছে বুলি প্ৰকাশ কৰাৰ লগতে চাউল আৰু মচুৰ দাইলৰ ক্ষেত্ৰত কিছু নাটনি হোৱাৰ কথা স্বীকাৰ কৰে ৷ বিভাগটোৱে এই নাটনি অতি শীঘ্ৰে সমাধান কৰিব বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷ ইপিনে নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ দাম নিৰ্ধাৰিত নিৰিখতকৈ বেছি দাম লোৱা অসাধু ব্যৱসায়ীৰ বিৰুদ্ধে প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিব বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়কঃকৰ'ণাত আক্ৰান্ত 3 জনক কৰ'ণা মুক্ত ঘোষণা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.