ETV Bharat / state

National level yoga programme: শিৱসাগৰত যোগ কাৰ্যসূচীত অংশগ্ৰহণ সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মাৰ

শিৱসাগৰত বৃহৎ যোগাভ্যাস কাৰ্যসূচী(National level yoga programme in Sivsagar) ৷ ৰাষ্ট্ৰীয় পৰ্যায়ৰ যোগ উৎসৱৰ কাৰ্যসূচীত উপস্থিত আয়ুষ দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল(Sarbananda Sonowal participates in national level yoga programme) আৰু অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷

author img

By

Published : May 2, 2022, 8:37 AM IST

Updated : May 2, 2022, 12:31 PM IST

minister-sarbananda-sonowal-participates-in-national-level-yoga-programme-in-sivsagar
শিৱসাগৰত ৰাষ্ট্ৰীয় পৰ্যায়ৰ যোগ কাৰ্যসূচী

শিৱসাগৰ, 2 মে’ : শিৱসাগৰৰ শিৱদৌলৰ প্ৰাংগণত সোমবাৰে ৰাষ্ট্ৰীয় পৰ্যায়ৰ এক বৃহৎ যোগাভ্যাস কাৰ্যসূচী অনুষ্ঠিত(National level yoga programme in Sivsagar) হয় । আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ লগত সংগতি ৰাখি ভাৰত চৰকাৰৰ আয়ুষ মন্ত্ৰালয়ে মোৰাৰজী দেশাই ৰাষ্ট্ৰীয় যোগ প্ৰতিষ্ঠান সহযোগত আয়োজন কৰা এই কাৰ্যসূচী পুৱা ৬ বজাৰ পৰা আৰম্ভ হয় ।

৬ বজাৰ পৰা ৬.২৫ মিনিটৰ ভিতৰত যোগত অংশগ্ৰহণ কৰাসকলক একত্ৰিত হোৱাৰ পাছত নিমন্ত্ৰিত অতিথিসকলে আসন গ্ৰহণ কৰে ৷ ইয়াৰ পিছতে পৰিৱেশন কৰা হয় জাতীয় সংগীত ৷ কাৰ্যসূচীৰ আদৰণি ভাষণ প্ৰদান কৰে আয়ুষ মন্ত্ৰণালয়ৰ সচিব প্ৰমোদ কুমাৰ পাঠকে । কাৰ্যসূচীত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় আয়ুষ দপ্তৰৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল(Sarbananda Sonowal participates in national level yoga programme), ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ উপৰি অসম চৰকাৰৰ মন্ত্ৰী ৰণোজ পেগু তথা অৰুণাচল আৰু ছিকিমৰ স্বাস্থ্যমন্ত্ৰীয়েও অংশগ্ৰহণ কৰাৰ লগতে বহু সাংসদ-বিধায়ক উপস্থিত থাকে ।

যোগাসন কাৰ্যসূচী পৰিচালনা কৰে মোৰাৰজী দেশাই ৰাষ্ট্ৰীয় যোগ প্ৰতিষ্ঠানৰ সঞ্চালক ডাঃ ঈশ্বৰ ভি বাসভাৰেড্ডীয়ে । আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসলৈ ৫০ দিন থকা অৱস্থাত শিৱসাগৰত অনুষ্ঠিত কৰা এই যোগাভ্যাস কাৰ্যসূচীত প্ৰায় ৫০০০ গৰাকী ব্যক্তিয়ে অংশলৈ যোগ অনুশীলন কৰে । শিৱদৌল প্ৰাংগণত প্ৰায় ৫০০ গৰাকী লোকে আৰু বাকী লোকসকলে শিৱদৌলৰ দাঁতি-কাষৰীয়া পথসমূহত এই যোগ অভ্যাস কাৰ্যসূচীত অংশ লয় ।

শিৱসাগৰত যোগ কাৰ্যসূচীত অংশগ্ৰহণ সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মাৰ

ইয়াৰোপৰি জিলাখনৰ পৌৰাণিক কীৰ্তিচিহ্ন ৰংঘৰ, তলাতল ঘৰ, জয়দৌল, ৰুদ্ৰসাগৰ, শিৱদৌল, থাওৰাদৌল আৰু কাৰেংঘৰতো এই কাৰ্যসূচী ৰূপায়ণ কৰা হয় । আন্তৰ্জাতিক যোগ দিৱসলৈ ৫০ দিন বাকী থকা অৱস্থাত দেওবাৰে অনুষ্ঠিত যোগ উৎসৱে নিশ্চিতভাৱে ৰাইজৰ লগতে সমূহ জনসাধাৰণক যোগ উৎসৱৰ প্ৰতি সজাগ আৰু উৎসুক কৰি তুলিব ।

লগতে চাওক: Eid-al-Fitr 2022 : তিনি মে’ত উদযাপন কৰা হ’ব পবিত্ৰ ঈদ-উল-ফিতৰ

Last Updated : May 2, 2022, 12:31 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.