শিৱসাগৰ, ৩ ছেপ্টেম্বৰ : জলসম্পদ তথা সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই দেওবাৰে শিৱসাগৰৰ বিভিন্ন অঞ্চলৰ খহনীয়া পৰিদৰ্শন কৰে । বিধায়ক অখিল গগৈৰ আহ্বান ক্ৰমে আজি শিৱসাগৰত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে শিৱসাগৰৰ ব্ৰহ্মপুত্ৰ, দিখৌ আৰু দৰিকা নদীৰ বান-খহনীয়া পৰিদৰ্শন কৰি অনতি পলমে ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে ।
জলসম্পদ মন্ত্ৰীগৰাকীয়ে আজি সেনচোৱা গাঁও, দিচাং মুখফেৰি ঘাট, চেৰেকাপাৰৰ দিখৌ মথাউৰি আৰু দৰিকা মথাউৰিৰ খহনীয়া পৰিদৰ্শন কৰি ব্যৱস্থা গ্ৰহণ কৰিব বুলি ঘোষণা কৰে ৷
দিচাংমুখ অফলাৰ দিচাং-ব্ৰহ্মপুত্ৰৰ খহনীয়া আজি পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে উদ্বেগ প্ৰকাশ কৰি কয় যে যদিও বাজেটৰ ইছ্যু আছে তথাপি এই ছশ মিটাৰ খহনীয়া সমগ্ৰ শিৱসাগৰৰ প্ৰতি লক্ষ্য ৰাখি সঠিক ব্যৱস্থা গ্ৰহণ কৰিব বুলি তেওঁ আজি পৰিদৰ্শনকালত ঘোষণা কৰে । আজি এই ভ্ৰমণত শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে মন্ত্ৰীগৰাকীক সংগ দি এই খহনীয়াসমূহৰ ভাবুকি সন্দৰ্ভত ব্যখ্যা কৰে ।
লগতে পঢ়ক: Silsako Eviction Drive: শিলসাঁকোৰ উচ্ছেদিতৰ চকুত চকুপানী; দ্বিতীয় দিনাও প্ৰায় শতাধিক ঘৰ উচ্ছেদ
আনহাতে, মন্ত্ৰীগৰাকীয়ে আক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰাৰ লগতে বানাক্ৰান্ত আৰু খহনীয়া অঞ্চলৰ ভুক্তভোগীক সাক্ষাৎ কৰি সমস্যাসমূহ পৰ্যায়ক্ৰমে সমাধান কৰাৰ প্ৰতিশ্ৰুতি দিয়ে । শিৱসাগৰৰ এই খহনীয়াক লৈ মুঠ ছয় কোটি টকা জলসম্পদ বিভাগৰ তৰফৰ পৰা অনুমোদন কৰা হ'ব বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ।
উল্লেখযোগ্য যে আজিৰ ভ্ৰমণত মন্ত্ৰী হাজৰীকা আৰু বিধায়ক গগৈৰ মাজত হোৱা কেতবোৰ ধেমেলীয়া কথোপকথনে ৰাইজক আমোদ দিয়ে । খহনীয়াৰোধৰ কাম মন্ত্ৰীগৰাকীয়ে সম্পন্ন কৰিলে বিধায়ক গগৈয়ে চৰকাৰে লৈ থকা ঋণ সন্দৰ্ভত মাত নামাতে বুলি টিপ্পনী কৰে । লগতে মন্ত্ৰী হাজৰীকাই কাম কৰাৰ পাছত ভোট বিজেপি দলে লাভ কৰিব বুলিও মন্তব্য় কৰে ।