আমগুৰি, 5 এপ্ৰিলঃ দেওবাৰে আমগুৰিত বিভিন্ন বিষয় বুজ ল'বলৈ উপস্থিত হয়, দুৰ্যোগ প্ৰশমন বিভাগৰ মন্ত্ৰী যোগেন মোহন । আমগুৰিত উপস্থিত হৈয়েই মন্ত্ৰী গৰাকী পোনপ্ৰথমে পৰিদৰ্শন কৰে আমগুৰি সামূহিক চিকিৎসালয় । চিকিৎসালয়খনত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে বিভিন্ন সমস্যাৰ বুজ লোৱাৰ লগতে, চিকিৎসালয়খনৰ স্বাস্থ্যকৰ্মী সকল সজাগ হৈ আছেনে নাই, প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছেনে নাই আদি ভিন্ন বিষয় সন্দৰ্ভত আলোচনাত মিলিত হয় ।
আনহাতে মন্ত্ৰী গৰাকীয়ে আমগুৰিত ছেনিটাইজিং ব্যৱস্থাৰো বুজ লয় । লগতে তেওঁ নিজেও আমগুৰি চাৰিআলিত অগ্নিনিৰ্বাপক বাহিনীৰ সহযোগত ছেনিটাইজিং কৰে ।
লগতে পঢ়কঃ কৰ্মহীন হৈ পৰিল প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাত কৰ্মৰত ৮০০ যুৱক যুৱতী