ETV Bharat / state

দৰিদ্ৰতাক নেওচি উজলিল নামতিৰ ময়ূৰ পংখী গগৈ

author img

By

Published : Jun 8, 2020, 9:00 AM IST

Updated : Jun 9, 2020, 10:25 AM IST

নামতিৰ চিলড্ৰেন হাউচৰ পৰা 94.83 শতাংশ লাভ কৰি গৌৰৱ কঢ়িয়াই আনিলে অতিশয় দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰী গৰাকীয়ে ৷ ড্ৰাইভাৰ কৰি কোনোমতে জীৱন অতিবাহিত কৰা পিতৃ ডিম্বেশ্বৰ গগৈৰ কন্যাৰ এই সাফল্যত গৌৰৱান্বিত গাঁৱবাসী ।

Mayurpongkhi Gogoi achived 94.83 in HSLC examination
দৰিদ্ৰতাক নেউচি হাইস্কুল শিক্ষান্ত পৰীক্ষাত উজ্বলিল নামতিৰ ময়ূৰ পংখী গগৈ

আমগুৰি, 8 জুন: দৰিদ্ৰতা যে শিক্ষাৰ হেঙাৰ হ'ব নোৱাৰে এই কথাষাৰ পুনৰ প্ৰতিপন্ন কৰিলে শিৱসাগৰ জিলাৰ নামতিদ'ল বাইলুং গাঁওৰ পাণগিৰি চুকৰ মেধাৱী ছাত্ৰী ময়ূৰ পংখী গগৈয়ে । সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত নামতিৰ চিলড্ৰেন হাউচৰ পৰা 94.83 শতাংশ লাভ কৰি গৌৰৱ কঢ়িয়াই আনিলে অতিশয় দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰী গৰাকীয়ে ৷ গাড়ীৰ ড্ৰাইভাৰ কৰি কোনোমতে জীৱন অতিবাহিত কৰা ডিম্বেশ্বৰ গগৈৰ কন্যাৰ এই সাফল্যত গৌৰৱান্বিত গাঁৱবাসী । মাত্ৰ তিনি বছৰ বয়সতে মাতৃহাৰা হোৱা ছাত্ৰী গৰাকীয়ে বহু কষ্টৰ মাজেৰে আজুৰি আনিছে এই সফলতা ৷ কেৱল 14 নম্বৰৰ বাবে স্থান লাভৰ পৰা বঞ্চিত হোৱা ময়ূৰ পংখীয়ে অসমীয়াত 88, ইংৰাজীত 97, সমাজ অধ্যয়নত 92, বিজ্ঞানত 98, গণিতত 97, ঐচ্ছিক বিষয়ত 97 নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে ৷

দৰিদ্ৰতাক নেওচি হাইস্কুল শিক্ষান্ত পৰীক্ষাত উজ্বলিল নামতিৰ ময়ূৰ পংখী গগৈ

উল্লেখ্য যে, আৰ্ট কৰি ভালপোৱাৰ লগতে গীত গাই ,নাচি ভাল পাই অত্যন্ত প্ৰতিভাৱান ছাত্ৰী ময়ূৰ পংখীয়ে ৷ ভৱিষ্যতে চিকিৎসাৰ দিশত জড়িত হ'ব বিচৰা ময়ূৰ পংখীয়ে সম্প্ৰতি বিজ্ঞান শাখাত নামভৰ্তি কৰিব । কিন্তু অতি মেধাৱী ছাত্ৰী গৰাকীক উচ্চ শিক্ষাৰ দিশত আগুৱাই নিয়াৰ ক্ষেত্ৰত অৰ্থৰ সংকটত পৰিছে পিতৃ ৷ এইক্ষেত্ৰত কোনো সদাশয় ব্যক্তিৰ সহায় বিচাৰিছে পৰিয়ালটোৱে ৷

লগতে পঢ়কঃ উদ্ধৱ থাকৰেয়ে প্ৰশংসা কৰিলে অভিনেতা চনু সুদক

Last Updated : Jun 9, 2020, 10:25 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.