ETV Bharat / state

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে মটক ছাত্ৰ সন্থাৰ প্ৰতিবাদ - Protest in Sivasagar

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিত জলা-কলা খাইছে সাধাৰণ জনতাই (Price hike in Assam) । মূল্যবৃদ্ধিৰ প্ৰতিবাদ জনাই সংগ্ৰামী সেনা অসম আৰু মটক ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতিয়ে যৌথভাৱে শিৱসাগৰত দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ।

Matak student union protest against price hike in Sivsagar
অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে মটক ছাত্ৰ সন্থাৰ প্ৰতিবাদ
author img

By

Published : Aug 22, 2022, 7:19 PM IST

শিৱসাগৰ, ২২ আগষ্ট : নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধিত কোঙা ৰাজ্যৰ জনতা (Price hike in Assam) । দেশ তথা ৰাজ্যৰ ভিন্ন প্ৰান্তত ইয়াৰ বিৰুদ্ধে সাব্যস্ত কৰা হৈছে তীব্ৰ প্ৰতিবাদ । সোমবাৰে শিৱসাগৰত মূল্যবৃদ্ধিৰ বিৰুদ্ধে সংগ্ৰামী সেনা অসম আৰু মটক ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতিৰ যৌথ উদ্যোগত ৰূপায়ণ কৰা হয় দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী (Protest in Sivasagar) ।

শিৱসাগৰ জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত সোমবাৰে দিনৰ ১১ বজাৰ পৰা ৰূপায়ন কৰা হয় উক্ত ধৰ্মঘট কাৰ্যসূচী ৷ সংগ্ৰামী সেনা অসম আৰু মটক ছাত্র সন্থাই উল্লেখ কৰে যে, ৰাজ্যত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিত অতিষ্ঠ হৈ উঠিছে জনতা । চৰকাৰে কোনো ধৰণৰ আগ পাছ নাভাবি অসমৰ সৰ্বসাধাৰণৰ ৰাইজৰ মূৰত ৰামটাঙোন সোধাই নিজৰ প্ৰভূত্ব বিস্তাৰ কৰিব বিচাৰিছে বুলি মত প্ৰকাশ কৰে প্ৰতিবাদকাৰী সকলে ।

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে মটক ছাত্ৰ সন্থাৰ প্ৰতিবাদ

প্ৰতিবাদকাৰীসকলে উল্লেখ কৰে যে, বৰ্তমানৰ চৰকাৰখন থকা নথকা একেই কথা । তেওঁলোকে লগতে অভিযোগ তোলে যে, শিৱসাগৰৰ বান ৰোধত যথেষ্ট সহায়ক ঐতিহাসিক মৰিবিলখন প্ৰশাসন আৰু বন বিভাগে পুঁজিপতিক গটাই দি কৃত্ৰিম বানপানীৰ সৃষ্টি কৰি আহিছে ‌। মৰিবিলখন বেদখল মুক্ত কৰি বানপানী সমস্যাৰ সমাধান কৰিব লাগে বুলিও দাবী জনায় সংগঠন দুটাই । অন্যথা জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে ।

লগতে পঢ়ক: উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ নামানে FCI ৰ নগাঁৱৰ দুই ঠিকাদাৰে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.