ETV Bharat / state

শিৱসাগৰত ভয়ংকৰ অগ্নিকাণ্ড - জোলা গাঁৱৰ গুণকান্ত দত্ত

শিৱসাগৰ নগৰৰ সমীপৰ মেটেকাত দেওবাৰে নিশা সংঘটিত অগ্নিকাণ্ডত এটা পৰিয়ালৰ সা-সম্পত্তি জ্বলি নিঃশেষ হয় । জুইৰ সূত্ৰপাতৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই ।

শিৱসাগৰত ভয়ংকৰ অগ্নিকাণ্ড
শিৱসাগৰত ভয়ংকৰ অগ্নিকাণ্ড
author img

By

Published : Mar 15, 2021, 10:03 AM IST

শিৱসাগৰ, ১৫ মাৰ্চ: শিৱসাগৰ নগৰৰ সমীপৰ মেটেকাত দেওবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড । নিশা প্ৰায় 1 বজাত সংঘটিত এই অগ্নিকাণ্ডৰ ফলত এটা পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত হয় । জোলা গাঁৱৰ গুণকান্ত দত্তৰ এখন কুকুৰা ফাৰ্ম, ভঁড়ালসহ বহু সামগ্ৰী জুইত জাহ যায় ।

স্থানীয় ৰাইজৰ বহু প্ৰচেষ্টাৰ ফলতো অগ্নি নিয়ন্ত্ৰণ কৰিবলৈ ব্যৰ্থ হয় ৷ ঘটনাস্থলীত ৰাজ্যিক অগ্নিনিৰ্বাপক বাহিনীৰ কেইবাখনো বাহনৰ দ্বাৰা অৱশেষত জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ৷ এই অগ্নিকাণ্ডৰ ফলত গুণকান্ত দত্তৰ কেইবা লক্ষাধিক টকাৰ সম্পতি ভষ্মীভূত হয় ।

মনকৰিবলগীয়া যে, অগ্নিকাণ্ড সংঘটিত হোৱা মেটেকাৰ বাট-পথ একেবাৰে ঠেক । ঠেক পথৰ বাবে বহু চেষ্টাৰ অন্ততহে অগ্নিনিৰ্বাপক বাহিনীৰ লোক ঘটনাস্থলীত উপস্থিত হ'বলৈ সক্ষম হয় । যাৰ বাবে প্ৰায় এঘন্টাৰ অন্ততহে জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় । অৱশ্যে জুইৰ সূত্ৰপাতৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই

লগতে পঢ়ক: কোনে স্থান পালে বিজেপিৰ তৃতীয় প্ৰাৰ্থী তালিকাত...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.