শিৱসাগৰ, 15 ফেব্ৰুৱাৰী : বিশ্বৰ কিংবদন্তি ফুটবলাৰ ডিয়েগো মাৰাডোনাৰ ঘড়ী চুৰি প্ৰসংগৰ নতুন মোৰ(Maradona watch stolen case) ৷ জামিনত মুক্তি লাভ কৰিলে অভিযুক্ত ৱাজিদ হুছেইেন(Accused Wajid Hussain got bail ) । আদালতত তথ্য প্ৰমাণ দিয়াত ব্যৰ্থ আৰক্ষী । ফলত শিৱসাগৰ মুখ্য ন্যায়িক দণ্ডাধীশ আদালতে ১৫ হেজাৰ টকা বেইল বণ্ডৰ বিনিময়ত মুকলি কৰি দিয়ে ৱাজিদ হুছেইনক । বিগত ১১ ডিচেম্বৰত ৱাজিদ হুছেইনক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে ।
উল্লেযোগ্য যে, ফুটবল জগতৰ ভোটাতৰা 'ফুটবলৰ ঈশ্বৰ' মাৰাডোনাৰ পৰা চুৰি হোৱা এটা ঘড়ী শিৱসাগৰৰ ৱাজিদ হুছেইন নামৰ ব্যক্তিজনৰ পৰা বিগত ১১ ডিচেম্বৰ উদ্ধাৰ হৈছিল । শিৱসাগৰ নগৰৰ সমীপৰ দৰিকাঘাটৰ নিবাসী ৱাজিদ হুছেইনৰ মথুৰাপুৰৰ শহুৰৰ ঘৰৰ পৰা শিৱসাগৰ আৰক্ষীয়ে ডুবাইৰ পৰা প্ৰয়াত মাৰাডোনাৰ HUBLOT কোম্পানীৰ ঘড়ী উদ্ধাৰ কৰি সেই ঘড়ীটো চুৰি কৰি অনা বুলি অভিযোগ উত্থাপিত কৰিছিল (Stolen Hublot watch of Maradona) ।
আন্তঃৰাষ্ট্ৰীয় বজাৰত বহু লক্ষাধিক টকাৰ এই হাতঘড়ীটো বিশ্ব ফুটবলৰ সকলোতকৈ জনপ্ৰিয় ফুটবল খেলুৱৈ মাৰাডোনাৰ বুলি শিৱসাগৰ আৰক্ষীয়ে ঘোষণা কৰাৰ লগতে হাতঘড়ীটো ৱাজিদে ডুবাইত থকা মাৰাডোনাৰ ঘৰৰ পৰা চুৰি কৰি আনিছিল বুলি এক সংবাদমেলযোগে শিৱসাগৰ আৰক্ষী অধীক্ষক ৰাকেশ ৰৌচনে সাংবাদিকৰ আগত প্ৰকাশ কৰিছিল । পৰৱৰ্তী সময়ত শিৱসাগৰ আৰক্ষীয়ে ৱাজিদ হুছেইনৰ বিৰুদ্ধে ১৩৮৮ / ২০২১ নম্বৰৰ এক নিজাববীয়া গোচৰ ৰুজু কৰি আই পি চি ধাৰা ৩৮০ / ৪১১ ৰুজু কৰি শিৱসাগৰ আদালতত হাজিৰ কৰি চাৰিদিনৰ বাবে আৰক্ষী জিম্মাত ৰখা হৈছিল ।
উক্ত সময়ত মাৰাডোনাৰ হাতঘড়ী চুৰি গোচৰৰ তদন্তত শিৱসাগৰ আৰক্ষীয়ে ৱাজিদৰ শহুৰেকৰ ঘৰৰ পৰা ১১ বিধ বিভিন্ন সামগ্ৰী যেনে আইপেড, টুপি , পুতলা, লাইটাৰ ইত্যাদি সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয় । কিন্তু এইসমূহ সামগ্ৰীৰ সৈতে মাৰাডোনাৰ স্মৃতি জড়িত আছে নে নাই সেই সন্দৰ্ভত শিৱসাগৰ আৰক্ষীৰ হাতত কোনো স্পষ্ট তথ্য নাই বুলিও সদৰী কৰা হৈছিল ।
সেই সময়ত শিৱসাগৰ আৰক্ষীৰ এক শীৰ্ষ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, শিৱসাগৰ আৰক্ষীয়ে ডুবাই আৰক্ষীৰ তৰফৰ পৰা মাৰাডোনাৰ হাতঘড়ীকে ধৰি আন কোনো সামগ্ৰী চুৰি হোৱাৰ বুলি লিখিতভাৱে কোনো তথ্য লাভ কৰা নাই যদিও ৱাজিদ হুছেইনৰ ওপৰত চলোৱা জেৰাত ৱাজিদৰ হাতৰ পৰা উদ্ধাৰ কৰা ঘড়ীটো মাৰাডোনাই ব্যৱহাৰ কৰা বুলি অভিযুক্তই স্বীকাৰ কৰিছে বুলি প্ৰকাশ কৰিছিল । কিন্তু আদালতত অভিযুক্ত ৱাজিদ হুছেইনৰ বিৰুদ্ধে শিৱসাগৰ আৰক্ষীয়ে বিশেষ কোনো তথ্য প্ৰমাণ দাখিল কৰিব নোৱাৰাত অৱশেষত আদালতে ৱাজিদ হুছেইনক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে ।
তেতিয়াৰে পৰা আদালতক শিৱসাগৰ আৰক্ষীয়ে মাৰাডোনাৰ ঘড়ী চুৰিৰ তদন্ত প্ৰক্ৰিয়ালৈ লক্ষ্য ৰাখি আৰু ডুবাইৰ পৰা সৱিশেষ তথ্য লাভ কৰাৰ কথা কৈ ৱাজিদ হুছেইনৰ জামিনৰ বিৰোধিতা কৰি আহিছিল এইদৰে সুদীৰ্ঘ ৬০ দিন আৰক্ষীয়ে মাৰাডোনাৰ ঘড়ী চুৰিৰ সন্দৰ্ভত শিৱসাগৰ আৰক্ষীয়ে বিশেষ তথ্য প্ৰদান কৰাৰ অপেক্ষাত আদালতে ৱাজিদ হুছেইনক ন্যায়িক জিম্মাত ৰখাৰ আদেশ দিছিল । কিন্তু ১০ ফেব্ৰুৱাৰী তাৰিখে আইনে ধাৰ্য কৰা সময় উকলি যোৱাৰ পাছতো শিৱসাগৰ আৰক্ষীয়ে ৱাজিদ হুছেইনৰ বিৰুদ্ধে কোনো পতিয়নযোগ্য তথ্য-দলিল আদালতত দাখিল কৰিব নোৱৰাত আদালতে ৱাজিদ হুছেইনক জামিন প্ৰদান কৰে ।
উল্লেখযোগ্য যে, বিগত ৬০ দিনৰ শুনানি প্ৰক্ৰিয়াত শিৱসাগৰ আৰক্ষীয়ে ৱাজিদ হুছেইনৰ ঘড়ী চুৰি গোচৰৰ তদন্তকাৰী বিষয়া সলনি কৰাৰ লগতে তথ্য প্ৰমাণৰ নামত এটা হোৱাট্চএপ মেছেজৰ জেৰক্সহে প্ৰদান কৰিছিল । ইয়াৰ বাহিৰে ৱাজিদ হুছেইনক মাৰাডোনাৰ ঘড়ী চুৰি অপৰাধত অভিযুক্ত কৰিব পৰাকৈ আন কোনো তথ্য নাছিল শিৱসাগৰ আৰক্ষীৰ হাতত । ৱাজিদ হুছেইনক গ্ৰেপ্তাৰ কৰাৰ বাবে শিৱসাগৰ আৰক্ষীয়ে লাভ কৰা গোপন সূত্ৰ কোন বিশেষ সূত্ৰৰ পৰা আহিছিল সেই তথ্যও আদালতত প্ৰদান কৰিব নোৱাৰিলে শিৱসাগৰ আৰক্ষীয়ে ।
ইয়াৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ অথবা ডুবাই পুলিচৰ ঘড়ী চুৰি সন্দৰ্ভত ৱাজিদৰ বিৰুদ্ধে থকা অভিযোগৰ তথ্যও শিৱসাগৰ আৰক্ষীয়ে আদালতত প্ৰদান কৰাত ব্যৰ্থ হয় । যাৰবাবে ইতিমধ্যে মুখ্য ন্যায়াধীশ আদালতে ৱাজিদ হুছেইনক জামিনত মুক্তি দিয়ে ।
লগতে পঢ়ক : মাৰাডোনাৰ ঘড়ী চুৰি কাণ্ডৰ নতুন মোৰ : বিপাঙত আৰক্ষী