ETV Bharat / state

দিহাসম্ৰাটৰ দুৱাৰ-দলিত কণ্ঠশিল্পী মানস ৰবীন - কৰ'ণা মহামাৰী

সমগ্ৰ দেশতেই মহামাৰী কৰ'ণাই ত্ৰাসৰ সৃষ্টি কৰি অহাৰ সময়তেই আৰ্থিক অভাৱত ভুগিছে ৰাজ্য়খনৰ অধিকাংশ শিল্পী ৷ এনেসময়ত এজনে আনজনৰ সহায় হোৱাকৈ আগুৱাই আহিছে বহু কেইগৰাকী প্ৰতিষ্ঠিত শিল্পী ৷ এই উদ্দেশ্যৰেই শণিবাৰে দিহাসম্ৰাট কমলা গগৈৰ কাষত উপস্থিত হয়গৈ জনপ্ৰিয় কণ্ঠশিল্পী মানস ৰবীন ৷

Manash Rabin visited a artist resident
শিল্পীৰ দুৱাৰদলিত কণ্ঠশিল্পী মানস ৰবীন
author img

By

Published : Sep 5, 2020, 1:36 PM IST

আমগুৰি, ৫ছেপ্টেম্বৰ: সমগ্ৰ দেশতে মহামাৰী কৰ'ণাই সৃষ্টি কৰি আহিছে ত্ৰাসৰ ৷ এইখিনি সময়ত দেশৰ জনতাই সন্মূখীন হৈছে বহু সমস্যাৰ ৷ সমান্তৰালকৈ শিল্পীসকলো সন্মূখীন হৈছে আৰ্থিক দৈন্যতাৰ ৷ এনে সময়ত এজনে আনজনৰ সহায় হোৱাকৈ আগুৱাই আহিছে বহু কেইগৰাকী প্ৰতিষ্ঠিত শিল্পী ৷ এই উদ্দেশ্যৰেই শণিবাৰে দিহাসম্ৰাট কমলা গগৈৰ কাষত উপস্থিত হয়গৈ জনপ্ৰিয় কণ্ঠশিল্পী মানস ৰবীন ৷

মন কৰিবলগীয়া যে, বিশেষকৈ থলুৱা শিল্পৰ লগত জড়িত শিল্পী সকল আৰ্থিক ভাৱে হৈ পৰিছে অধিক জুৰুলা । দিহা নামৰ শিল্পী দিহাসম্ৰাট খ্যাত কমলা গগৈ আৰু তেঁওৰ সংগী বৃন্দইও দীৰ্ঘদিনে কোনো অনুষ্ঠান নথকাত ভুগিছে আৰ্থিক সংকটত । এই শিল্পীগৰাকীৰ ঘৰত শণিবাৰে উপস্থিত হয়গৈ জনপ্ৰিয় কণ্ঠশিল্পী মানস ৰবীন । মানস ৰবীনে দিহানামৰ এই শিল্পীগৰাকীৰ কাষত থিয় হৈ শিল্পীগৰাকীৰ লগতে সহ শিল্পীসকলৰ অৱস্থাৰ বুজ লৈ আগবঢ়ালে আৰ্থিক সাহায্য ৷

শিল্পীৰ দুৱাৰদলিত কণ্ঠশিল্পী মানস ৰবীন

উল্লেখ্য যে, সমগ্ৰ দেশতে বৰ্তমান আনলক প্ৰক্ৰিয়া আৰম্ভ হৈছে যদিও দীৰ্ঘদিনিয়া লক ডাউনে বিভিন্নজনৰ বাবে জীৱিকাৰ পথ বন্ধ কৰি তুলিলে । বিহু,পূজা,ধৰ্মীয় অনুষ্ঠানবোৰৰ উপৰিও সাংস্কৃতিক জগতৰ সৈতে জড়িত হৈ থকা বহু শিল্পীয়ে অনুষ্ঠান পৰিৱেশনৰ পৰা বিৰত হৈ থাকিব লগীয়া হৈছে ৷ সেয়েহে আৰ্থিকভাৱে জুৰুলা হৈ পৰিছে শিল্পীসকল ৷

লগতে পঢ়ক :আলফা স্বাধীনে বাংলাদেশৰ মৌলবাদী সংগঠনৰ দৰে কথা কয়ঃ পূজা কমিটী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.