আমগুৰি ১৮ মে‘ : লক ডাউনৰ মাজতে শিৱসাগৰ জিলাৰ গৌৰীসাগৰত দেওবাৰে নিশা সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা ৷ পাৰিবাৰিক কন্দলৰ পৰিণতিত ৰহস্যজনকভাবে অগ্নিদগ্ধ হৈ আত্মহননৰ চেষ্টা কৰে এজন বিবাহিত লোকে । গাত কেৰাচিন ঢালি আত্মহননৰ চেষ্টা কৰে গৌৰীসাগৰ নকটানিৰ মুনু গগৈ নামৰ ব্যক্তিজনে । শহুৰেকৰ ঘৰৰ সন্মুখতে অগ্নিদগ্ধ হৈ আত্মহননৰ চেষ্টা কৰে লোকজনে । গৌৰীসাগৰ আৰক্ষী থানাৰ অন্তৰ্গত চাৰিং গগৈ আলিত সংঘটিত হয় এই ঘটনা।
এটি পুত্ৰ সন্তানৰ পিতৃ মুনু গগৈয়ে দীৰ্ঘদিন ধৰি পত্নীক মানসিক আৰু শাৰিৰীকভাৱে নিৰ্যাতন চলাই আহিছিল বুলি পত্নীয়ে অভিযোগ উত্থাপন কৰিছে ।
আকস্মাতে শৰীৰত অগ্নি সংযোগ কৰাত গুৰুতৰ ভাবে আহত মুনু গগৈক গৌৰীসাগৰ আৰক্ষীৰ সহযোগত ততাতৈয়াকৈ জৰুৰী সেৱা যোগে শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় । যদিও পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে লোকজন ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হয় ।
অন্যহাতে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত ।
লগতে পঢ়ক : ৰাজ্যত পুনৰ চিনাক্ত দুজনকৈ কৰ'ণাত আক্ৰান্ত ব্যক্তি