ETV Bharat / state

Maha Shivratri Mahotsav : দেশজুৰি উদযাপন মহা শিৱৰাত্ৰি মহোৎসৱ

author img

By

Published : Mar 2, 2022, 9:15 AM IST

দেশজুৰি উদযাপন মহা শিৱৰাত্ৰি মহোৎসৱ (Maha Shivratri Mahotsav 2022) ৷ মহাদেৱ শিৱৰ আৰাধনাৰে মুখৰিত হৈ পৰে দেশৰ আকাশ-বতাহ ৷ মঙলবাৰে দেশৰ ভিন্ন প্ৰান্তৰ লেখীয়াকৈ ৰাজ্যৰ শিৱ মন্দিৰ তথা শিৱ দৌলৰ প্ৰাংগণত দেখিবলৈ পোৱা গ’ল ভক্তৰ লানি নিচিগা সোঁত ৷

Maha Shivratri Mahotsav
দেশজুৰি উদযাপন মহা শিৱৰাত্ৰি মহোৎসৱ

নিউজ ডেস্ক, 2 মাৰ্চ : মহা শিৱৰাত্ৰিক হিন্দু ধৰ্মৰ এক পবিত্ৰ উৎসৱ হিচাপে বিবেচনা কৰা হয় ৷ হিন্দু শাস্ত্ৰ মতে, মহা শিৱৰাত্ৰিৰ দিনা বিবাহ হৈছিল হৰ-গৌৰীৰ ৷ যাৰ বাবে হিন্দু ধৰ্মাৱলম্বী লোকসকলে পালন কৰে শিৱৰাত্ৰি মহোৎসৱ ৷

মঙলবাৰে দেশজুৰি অতি উলহ-মালহেৰে আয়োজন কৰা হয় মহা শিৱৰাত্ৰি (Maha Shivratri Mahotsav 2022) ৷ দেশৰ ভিন্ন প্ৰান্তৰ লেখীয়াকৈ মাজুলীৰ বিভিন্ন শিৱ মন্দিৰসমূহত পুৱাৰ পৰাই সমাগম হোৱা পৰিলক্ষিত হয় ভক্তৰ । মঙলবাৰে শিৱ বন্দনাৰে মুখৰিত হৈ পৰে সত্ৰনগৰী মাজুলীৰ আকাশ-বতাহ (Maha Shivratri Mahotsav celebrated in Majuli) ।

দেশজুৰি উদযাপন মহা শিৱৰাত্ৰি মহোৎসৱ

আধ্যাত্মিকতাৰ মনোভাৱেৰে ভোলানাথক আৰাধনাৰ বাবে মন্দিৰসমূত ভক্তগণে চাকি-বন্তি জ্বলাই নিজৰ মনোবাঞ্চা পূৰণৰ বাবে পূজা-অৰ্চনা কৰে (Maha Shivratri Mahotsav celebrated across the country) ৷ ফল-মূল, নৈবেদ্য, চাকি, ধূপৰ সুগন্ধিৰে সুবাসিত হৈ পৰে মাজুলীৰ শিৱ মন্দিৰসমূহৰ চৌপাশ । শিৱক বিশেষকৈ মহিল‍াসকলে বেছিকৈ আৰধনা কৰে বুলি লোকবচন আছে । সেয়েহে শিৱমন্দিৰসমূহত পুৰুষসকলৰ সমান্তৰালকৈ দেখিবলৈ পোৱা গ’ল মহিলাসকলকো ।

ইফালে ৰঙিয়াৰ বৰমূৰা-অৰ্জুনগুৰিৰ ঐতিহ্যমণ্ডিত শিৱ মন্দিৰতো পুৱাৰ পৰাই ভক্তৰ ভিৰ পৰিলক্ষিত হয় (Maha Shivratri Mahotsav celebrated at Rangia) । সোণালী জয়ন্তী উপলক্ষে স্থানীয় সহস্ৰাধিক ভক্তই উলিয়াই এক ধৰ্মীয় শোভাযাত্ৰা । শিৱ বন্দনাৰে মুখৰিত হয় পৰে ৰঙিয়াৰ বৰমূৰাৰ আকাশ-বতাহ । আধ্যাত্মিকতাৰ মনোভাৱেৰে ভোলানাথক আৰাধনাৰ বাবে শিশু, যুৱক-যুৱতী, পুৰুষ-মহিলা সকলোৱে শোভাযাত্ৰাত অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক : মনোবাঞ্ছা পূৰণৰ বাবে আশীষ বিচাৰি শিৱদৌলত ভক্তৰ ভিৰ

শোভাযাত্ৰাৰ অন্তত মন্দিৰত ভক্তগণ ভক্তই চাকি বন্তি জ্বলাই নিজৰ মনোবাঞ্চা পূৰণৰ বাবে পূজা অৰ্চনা কৰিছে । ভক্তি ভাৱেৰে পুস্পাঞ্জলি দি ৰাইজৰ পদধূলা লয় প্ৰতিজন গৃহস্থই । কোনোৱে যদি নৈবদ্য আনিছে আন কোনো ভক্তই আনিছে বেল পাত । চাকি, ধূপ, ফল মূল, নৈবদ্যৰ সুগন্ধিৰে সুবাসিত হৈ পৰে শিৱ মন্দিৰ চৌহদ ।

আনহাতে, ঐতিহ্যমণ্ডিত কলিয়াবৰ দৌল-দেৱালয় আৰু সত্ৰৰে পৰিৱেষ্টিত (Maha Shivratri Mahotsav celebrated in Kaliabor) । আহোম যুগত নিৰ্মিত বহুকেইটা দৌল-দেৱাল আৰু মন্দিৰত অতীতৰে পৰাই ভক্তপ্ৰাণ ৰাইজে সেৱা আগবঢ়াই অহা দেখিবলৈ পোৱা গৈছে । কলিয়াবৰত আহোম যুগত নিৰ্মিত চিত্ৰশংকৰ দেৱালয়, অম্বিকানাথ দেৱাল আৰু নন্দিকাশ্বৰ দেৱালয়ত মঙলবাৰে মহা শিৱৰাত্ৰি উপলক্ষে পুৱাৰে পৰা ভক্তৰ সমাগম দেখিবলৈ পোৱা গৈছিল ।

ইফালে ৭৩৪ খ্ৰীষ্টাব্দত বৰৰজা অম্বিকাই প্ৰতিষ্ঠা কৰা শিৱদৌলক কেন্দ্ৰ কৰি প্ৰতিবছৰে আয়োজন কৰা হয় শিৱৰাত্ৰি পূজা (Maha Shivratri Mahotsav celebrated at Shiva Dol) । হাজাৰ হাজাৰ ভক্তই সেৱা আগবঢ়োৱা এই পূজাৰ লগত সংগতি ৰাখি প্ৰতি বছৰে অনুষ্ঠিত হয় এখন আটক ধুনীয়া মেলা । অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ ব্যৱসায়ীসকলে পোহাৰ মেলা এই মেলাখনৰ এক সুকীয়া আকৰ্ষণ আছে ।

লগতে পঢ়ক : বিশ্বৰ সৰ্বোচ্চ লিংগাকাৰ মহামৃত্যুঞ্জয় মন্দিৰত ভক্তৰ ভিৰ

প্ৰায় ১০০০ অস্থায়ী দোকানৰ ব্যৱস্থা কৰা এইখন মেলাত বিভিন্ন সামগ্ৰীৰ পোহাৰ মেলা হয়‌ । ক্ৰেতাৰ ভিৰ আৰু সামগ্ৰীৰ পয়োভৰে এইখন মেলাত ক্ৰেতা-বিক্ৰেতাক সমানে লাভৱান কৰে ।

স্বৰ্গদেও প্ৰমত্ত সিংহৰ ৰাজত্বকালত নিৰ্মাণ হোৱা ঐতিহাসিক ডিব্ৰুগড়ৰ ৰাইদংগীয়া দৌলতো মঙলবাৰে পালন কৰা হয় শিৱৰাত্ৰি (Maha Shivratri Mahotsav celebrated in Dibrugrah) । লেজাই-কলাখোৱা ৰাইজৰ উদ্যোগত তথা ৰাইদংগীয়াৰ আশ্ৰম সমিতিৰ সহযোগত পুৱা ভাগত দৌলত শিৱৰাত্ৰি উপলক্ষে পূজা-অৰ্চনা কৰা হয় । লগতে দৌলত সমবেত হয় অঞ্চলটোৰ বিভিন্ন প্ৰান্তৰৰ পৰা অহা শ শ ভক্তপ্ৰাণ ৰাইজ ।

আধ্যাত্মিক পৰিৱেশৰ মাজেৰে তৃতীয়বাৰৰ বাবে অনুষ্ঠিত কৰা হয় লেজাই গ্ৰন্থমেলা । এই গ্ৰন্থমেলাখনি আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে ডিব্ৰুগড় জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক দীপিকা চৌধুৰীয়ে । অনুষ্ঠানত সাহিত্যিক কৃষ্ণ বৰা, কৃতী শিক্ষক পূণ্যনাথ পাংগিং, ৰূপনাথ মিলি আদিকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয় ।

লগতে পঢ়ক : Maha Shivratri at Maha Mrituynjay Mandir: মহা মৃত্যুঞ্জয় মন্দিৰত পূজা আগবঢ়ালে ৰাজ্যপালে

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.