শিৱসাগৰ, 14 জানুৱাৰী: ঐতিহাসিক শিৱসাগৰত ভোগালী বিহুৰ দিনা উদুলি-মুদুলি পৰিৱেশ (Magh Bihu celebration in Sivasagar) । শিৱসাগৰ নগৰৰ সমীপৱৰ্তী বৃহত্তৰ কাথপাৰৰ বানমুখ অঞ্চলৰ ৰাইজে চানৰাইজ ক্লাৱৰ উদ্যোগত ভোগালী উৎসৱৰ আয়োজন কৰে । মটক সম্প্ৰদায়ৰ ভোগালীত জিলিকি উঠিল জাতিৰ পুৰাতন ঐতিহ্য-পৰম্পৰা ।
অসমৰ চহা গ্ৰাম্য জীৱনৰ চানেকিৰে অসমীয়াৰ ঐতিহ্য, সংস্কৃতি আৰু পৰম্পৰাৰ লগত উঠি অহা নৱ প্ৰজন্মক চিনাকি কৰি দিয়াৰ প্ৰয়াস কৰিছে বানমুখৰ চানৰাইজ ক্লাৱে । দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা ত্ৰয়োদশ বাৰ্ষিক ভোগালী উৎসৱৰ প্ৰথম দিনা মেজি স্থাপন আৰু যুৱক-যুৱতীসকলে সামূহিক চাফাই অভিযান চলায় । ভোগালী বিহুৰ পৰম্পৰা অনুসৰি উৰুকাৰ নিশা হাঁহে-মাহে ভেলাঘৰত সম্প্ৰীতিৰে এখাজ খাই সম্পূৰ্ণ ধৰ্মীয় ৰীতি-নীতিৰে পুৱা মেজি জ্বলোৱা হয় ।
শিৱসাগৰৰ বানমুখ অঞ্চলত পুৱাই ৰাইজ সমৱেত হয় ভেলা ঘৰৰ বাকৰিত । কাঠমেজি আৰু কলা মেজিৰ জুইত উত্তাপত উমাল হ’ল কাথপাৰ । ভোগালীৰ আনন্দত মতলীয়া হ’ল গাঁওবাসী । ম'হৰ এঠা দৈ, মালভোগ ধানৰ চিৰাৰে গাঁওবাসীয়ে খালে ভোগালীৰ জলপান । জ্যেষ্ঠজনক কণিষ্ঠই জনালে বিহুৰ সেৱা । আধ্যাত্মিক পৰিৱেশত অৰ্পন কৰা হ’ল শৰাই ।
বছৰটোৰ বাবে সমাজৰ পৰা অপায় অমংগল, অসূয়া-অপ্ৰীতি নাশ হোৱাৰ কামনা কৰি গায়ন-বায়নৰ মংগল ধ্বনিৰ মাজত ভকতসকলে ভগৱানৰ ওচৰত সেৱা লৈ মেজিত অগ্নি সংযোগ কৰে । পুৱা গাঁৱৰ ভকত বৈষ্ণৱসকলে শৰাই অৰ্পণৰ পৰম্পৰা ৰক্ষা কৰাৰ পিছতে মেজি প্ৰজ্বলন আৰু মাহপ্ৰসাদ বিতৰণ কৰা হয় । বিশেষ সম্বৰ্ধনা অনুষ্ঠানৰ অন্তত সমজুৱা সেৱা লয় ৰাইজে ।
বৃক্ষৰোপণ কাৰ্যসূচী লগতে আঞ্চলিক ভিত্তিত দৌৰ, কাবাদী, চিত্ৰাংকণ, ৰচী টনা, মিউজিকেল চেয়াৰ, পাঞ্জা, লং জাম্প, হাই জাম্প, কুইজ আৰু ভেশচন আদি বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হয় । মেজীৰ জুয়ে সমাজৰ পৰা অসূয়া-অপ্ৰীতি নাশ কৰাৰ লগতে মানৱ জাতিৰ কল্যাণ কামনাৰ বাবে ভগৱানৰ পৰা আশীৰ্বাদ বিচাৰি মেজীৰ জুইৰ উত্তাপ লয় শিৱসাগৰৰ বানমুখবাসীয়ে ।
লগতে পঢ়ক: Surya Namaskar For Vitality: ডিব্ৰুগড়ত কেন্দ্ৰীয় মন্ত্ৰী সর্বানন্দ সােণােৱালৰ সূৰ্য নমস্কাৰ