ETV Bharat / state

লক ডাউনে অশনি সংকট নমাই আনিছে মুখাশিল্পী সকললৈ

author img

By

Published : May 20, 2021, 9:54 PM IST

আমগুৰি জাঁজীৰ ঐতিহাসিক জৰাবাৰী সত্ৰৰ কাষতে থকা ব্যক্তিজনৰ নাম প্ৰদীপ হাজৰিকা । মুখাশিল্পৰ লগতে অন্যান্য বহুকেইটা সৃষ্টিকামী শিল্পক নিজ হাতেৰে গঢ় দি অসমৰ লগতে বাহিৰতো প্ৰদৰ্শনীৰ সুবিধা লাভ কৰিছে । কিন্তু সাম্প্ৰতিক ক'ভিড পৰিস্থিতিৰ বাবে আৰ্থিক অসুবিধাৰ সন্মুখীন হৈছে এই সৃষ্টিকামী শিল্পৰ লগত জড়িত শিল্পী প্ৰদীপ হাজৰিকা ।

লক ডাউনে অশনি সংকট নমাই আনিছে মুখাশিল্পী সকললৈ
লক ডাউনে অশনি সংকট নমাই আনিছে মুখাশিল্পী সকললৈ

আমগুৰি,20 মে’: অসমীয়া লোকসংস্কৃতিৰ অনন্য এক শিল্প হৈছে মুখাশিল্প । সংস্কৃতিৰ লগত জড়িত ৰাজ্যৰ এই শিল্পৰ অসম লগতে বিদেশতো আছে বিশেষ সমাদৰ । এই মুখাশিল্পক লৈ ক্ষুদ্ৰ সংগ্ৰহালয় স্থাপন কৰি জীৱনৰ বাটত বাট বুলিছে শিৱসাগৰৰ আমগুৰিৰ এজন ব্যক্তিয়ে । ২০১০ চনৰপৰা মুখাশিল্পৰ লগতে ভাওনাত ব্যৱহৃত সামগ্ৰী নিৰ্মাণ কৰি বৰ্তমান জীৱন-জীৱিকা চলায় নিয়াৰ লগতে অনুষ্ঠান-প্ৰতিষ্ঠানৰ পৰাও বিশেষ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে ।

আমগুৰি জাঁজীৰ ঐতিহাসিক জৰাবাৰী সত্ৰৰ কাষতে থকা ব্যক্তিজনৰ নাম প্ৰদীপ হাজৰিকা । মুখাশিল্পৰ লগতে অন্যান্য বহুকেইটা সৃষ্টিকামী শিল্পক নিজ হাতেৰে গঢ় দি অসমৰ লগতে বাহিৰতো প্ৰদৰ্শনীৰ সুবিধা লাভ কৰিছে । কিন্তু সাম্প্ৰতিক ক'ভিড পৰিস্থিতিৰ বাবে আৰ্থিক অসুবিধাৰ সন্মুখীন হৈছে এই সৃষ্টিকামী শিল্পৰ লগত জড়িত শিল্পী প্ৰদীপ হাজৰিকা । সাংস্কৃতিক অনুষ্ঠানবিলাক বন্ধ হৈ পৰাত প্ৰদীপ হাজৰিকা দৰে শিল্পীসকলে এতিয়া ভুগিছে আৰ্থিক নিৰাপত্তাহীনতাত ৷

সম্পূৰ্ণ ব্যক্তিগত প্ৰচেষ্টাৰে যোৱা দহ বছৰ ধৰি শিল্পী প্ৰদীপ হাজৰিকাই নিজৰ লগতে অন্য দহজন যুৱকক এই শিল্পকৰ্মত জড়িত কৰাই আৰ্থিকভাৱে সকাহ দি আহিছিল । কিন্তু যোৱা বছৰ লক ডাউন আৰু সম্প্ৰতি ক’ভিড পৰিস্থিতিৰ বাবে আৰ্থিক অসুবিধাৰ সন্মুখীন হৈছে এইসকল শিল্পী ।

এতিয়া এইসকল শিল্পীয়ে ৰাজ্য চৰকাৰৰ লগতে সাংস্কৃতিক পৰিক্ৰমা বিভাগক জনাইছে আহ্বান, যাতে চৰকাৰে আৰ্থিকভাৱে সহায় কৰি তেওঁলোকক এই সংকট কালত উদ্ধাৰ কৰে ।

লগতে পঢ়কঃ দেৱব্ৰত শইকীয়াই হ’ব অসম বিধানসভাৰ বিৰোধী দলপতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.