আমগুৰি,২০ মাৰ্চ: নিৰ্বাচন প্ৰচাৰ অব্যাহত থকাৰ মাজতে ৰাজ্যৰ ভিন্ন প্ৰান্তত সষ্টম হৈছে আৰক্ষীৰ লগতে আবকাৰী বিভাগ । এই সময়চোৱাত অবৈধ সুৰাৰ প্ৰচলন বন্ধ কৰিবলৈ আবকাৰী বিভাগে বিভিন্ন স্থানত অভিযানো অব্যাহত ৰাখিছে । এইবাৰ শিৱসাগৰ জিলাৰ আমগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত অবৈধ চুলাই ঘাটিত চলোৱা হয় অভিযান ।
অভিযানত মাটিত পুতি থোৱা অৱস্থাত ড্ৰামত গেলাই ৰখা দহ হাজাৰৰো অধিক চুলাইৰ পাচ নষ্ট কৰিবলৈ সক্ষম হয় । দেওৰজা গাঁৱৰ লগতে বৰচহকী চুকতো অভিযান চলাই বহুকেইটা পৰিয়ালত অবৈধভাৱে প্ৰস্তুত কৰা চুলাই ভাটি উচ্ছেদ কৰে আৰক্ষীৰ দলটোৱে ।
উল্লেখ্য যে, দেওৰজা, মানটনীয়া, জেহেনীয়া, কমাৰচুক, চামগুৰি আদি অঞ্চলত দীৰ্ঘদিন ধৰি বহু পৰিয়ালে চুলাই ঘাটি বহুৱাই অঞ্চলটোৰ সামাজিক, শৈক্ষিক পৰিৱেশ বিনষ্ট কৰি অহাৰ অভিযোগ আছে । আনহাতে নৱ প্ৰজন্মকো ধ্বংসৰ দিশলৈ আগবঢ়াই দিয়াৰ অভিযোগ উত্থাপন হৈ আহিছিল । এইক্ষেত্ৰত আবকাৰী বিভাগে চুলাই ঘাটি উচ্ছেদৰ ক্ষেত্ৰত ব্যৰ্থ হোৱাত আমগুৰি আৰক্ষীয়ে নিজাববীয়াকৈ অভিযান আৰম্ভ কৰিছে ।
আমগুৰি আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া হিৰণ্য পাতিৰৰ নেতৃত্বত শেহতীয়াকৈ প্ৰায়ে চুলাইৰ ঘাটি উচ্ছেদ কৰি আহিছে । আনহাতে অ-স্বাস্থ্যসন্মতভাৱে মাটিৰ তলত ড্ৰামত পুতি চুলাই তৈয়াৰ কৰা ঘাটিসমূহ উচ্ছেদ কৰা আৰক্ষীৰ এই পদক্ষেপক সচেতন লোকে আদৰণি জনাইছে ।
লগতে পঢ়ক: কলিয়াবৰত হাতীৰ আক্ৰমণত নিহত এজন