ETV Bharat / state

বৰাহীবাৰী গাঁও পঞ্চায়তৰ কোঠালীত ওলমিল তলা - বদলি

আমগুৰিৰ বৰাহীবাৰী গাঁও পঞ্চায়তত ব্যাপক অৰাজক অৱস্থা ৷ বদলিৰ নিৰ্দেশ অহাৰ পিছতো দুটা মাহে নিজৰ এৰি নিদিয়া প্ৰধান সচিবৰ কোঠালীত ওলমিল তলা ৷

lawless-situation-in-barahi
বৰাহীবাৰী গাঁও পঞ্চায়তৰ সচিবপ্ৰধানৰ কোঠালিত ওলমিল তলা
author img

By

Published : Apr 7, 2021, 9:39 PM IST

আমগুৰি,৭ এপ্ৰিল: আমগুৰিৰ বৰাহীবাৰী গাঁও পঞ্চায়তত প্ৰধান সচিবৰ কোঠাত ওলমিল দুটাকৈ তলা ৷ উল্লেখযোগ্য় যে, পঞ্চায়তখনৰ প্ৰধান সচিব গৰাকীৰ বদলিৰ নিৰ্দেশ অহাৰ পিছতো দুটা মাহে চকী এৰি নিদিয়াত ক্ষুব্ধ হৈ পঞ্চায়তৰ ৱাৰ্ড সদস্যসকলৰ লগতে সভাপতিয়ে সচিব গৰাকীৰ কোঠালীত তলা ওলোমাই দিয়ে ৷ ৰাইজৰ দাবী মতে, আমগুৰি উন্নয়ন খণ্ডৰ অধীনষ্ঠ পঞ্চায়তখনত এতিয়া সৃষ্টি হৈছে ব্যাপক অৰাজক অৱস্থাৰ ৷

বৰাহীবাৰী গাঁও পঞ্চায়তৰ সচিবপ্ৰধানৰ কোঠালিত ওলমিল তলা

জানিব পৰা মতে, পঞ্চায়তখনৰ সচিব প্ৰধান আশীষ পালৰ যোৱা ২৪ মাৰ্চত আহিছিল বদলিৰ নিৰ্দেশ । কিন্তু এই নিৰ্দেশ অমান্য কৰাত পঞ্চায়তখনৰ ৱাৰ্ড সদস্য আৰু সভাপতিয়ে হাতত লয় এই ব্য়ৱস্থা । আনহাতে, পঞ্চায়তলৈ বদলি হোৱা যতীন শইকীয়াই যোৱা ২৫ ফেব্ৰুৱাৰীতে যোগদান কৰে যদিও অজি পৰ্যন্ত লাভ কৰা নাই কাৰ্যভাৰ । ফলত পঞ্চায়তখনত সৃষ্টি হোৱা অৰাজক অৱস্থাক লৈ স্থানীয় ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে । স্থানীয় ৰাইজে আশীষ পালক বদলিৰ নিৰ্দেশ মানিবলৈ দাবী কৰি কৈছে যে, যদিহে ৰাইজৰ এই আহ্বান গ্ৰহণ নকৰে, তেন্তে প্ৰতিবাদী কাৰ্যসূচী হাতত ল’বলৈ বাধ্য হ’ব স্থানীয় ৰাইজ ৷

লগতে পঢ়ক : EVM লৈক পশ্চিম গুৱাহাটীত উত্তপ্ত পৰিস্থিতি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.