আমগুৰি,১৬ ডিচেম্বৰ : আমগুৰিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সংবাদমেল ৷ মাইক্ৰ’ফাইনেঞ্চ কোম্পানীৰ বিৰুদ্ধে ১৮ ডিচেম্বৰৰ পৰা সমগ্ৰ অসমত ধাৰাবাহিকভাৱে আন্দোলন গঢ়ি তোলাৰ হুংকাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ৷ আৰ বি আই গাইডলাইন ভৰিৰে মোহাৰি লুণ্ঠন চলোৱা মাইক্ৰ’ফাইনেঞ্চ কোম্পানীক সুৰক্ষা দিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰে প্ৰণয়ন কৰা আইনৰ বিৰুদ্ধাচৰণ কৰি সংবাদমেল সম্বোধন কৰে সংগঠনটোৱে ৷
উল্লেখ্য যে, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক ধৈৰ্য কোঁৱৰে চৰকাৰৰ এনে সিদ্ধান্তক সস্তীয়া জনপ্ৰিয়তা অৰ্জনৰ অপচেষ্টা বুলি মন্তব্য কৰে ৷ এই সংবাদমেলত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্যকৰী সভাপতি মানস কোঁৱৰ, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক ধৈৰ্য কোঁৱৰ উপস্থিত থাকে ৷
লগতে পঢ়ক: সুখবৰ : ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি লাভ দিহিং পাটকাইৰ