ETV Bharat / state

মুখ্যমন্ত্ৰীয়ে গুণ্ডাৰাজ চলাব বিচাৰিছে: ধৈৰ্য কোঁৱৰ

author img

By

Published : Jul 14, 2021, 6:46 PM IST

"এনকাউণ্টাৰ নীতি বহিৰ্ভূত । অসমত মাইক্ৰ'ফাইনেঞ্চৰ জাল পতাৰ মূলতে হৈছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা"। শিৱসাগৰত এখন সংবাদমেল সম্বোধন কৰি এই অভিযোগ উত্থাপন কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক ধৈৰ্য কোঁৱৰে । লগতে চৰকাৰৰ বিভিন্ন নীতিক লৈও তেওঁ তীব্ৰ সমালোচনা কৰে ।

KMMS pressmeet at Sivsagar
এনকাউণ্টাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীক তীব্ৰ সমালোচনা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ

শিৱসাগৰ, ১৪ জুলাই : এনকাউণ্টাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৃষক মুক্তি সংগ্ৰাম সমিতি (KMSS)ৰ । বুধবাৰে শিৱসাগৰ প্ৰেছ ক্লাবত এখন সংবাদমেল সম্বোধন কৰি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক ধৈৰ্য কোঁৱৰে কেইবাটাও অভিযোগ উত্থাপন কৰি মুখ্যমন্ত্ৰী আৰু অসম চৰকাৰক সমালোচনা কৰে । তেওঁ কয় যে, মুখ্যমন্ত্ৰীৰ চত্ৰছাঁয়াতে অসমত পুলিচৰাজ আৰম্ভ হৈছে । সভ্য সমাজত এনকাউণ্টাৰ গ্ৰহণযোগ্য নহয় বুলি মন্তব্য কৰে কৃষক মুক্তিৰ সম্পাদকগৰাকীয়ে ।

এনকাউণ্টাৰৰ গইনা লৈ চৰকাৰে বিৰোধীক হত্যা কৰাৰো অভিযোগ উত্থাপন কৰিছে । অসমক এইখন চৰকাৰে নব্বৈ দশকৰ ক'লা অধ্যায়ৰ দিনলৈ নিব বিচাৰিছে বুলিও সংবাদমেলত উল্লেখ কৰে ধৈৰ্য কোঁৱৰে । আনহাতে, মাইক্ৰ'ফাইনেঞ্চ কোম্পানীৰ ঋণৰ প্ৰসংগ উত্থাপন কৰি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদকগৰাকীয়ে অভিযোগ উত্থাপন কৰে যে, অসমত মাইক্ৰ'ফাইনেঞ্চৰ জাল পতাৰ মূলতে হৈছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । তেওঁৰ সৈতে মাইক্ৰ'ফাইনেঞ্চ কোম্পানীৰ গোপন বুজাবুজি আছে । সেয়ে, আজি অসমীয়া লোকে ঋণ পৰিশোধৰ বাবে বৃক্ক বিক্ৰী কৰিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে বুলি অভিযোগ তোলে ধৈৰ্য কোঁৱৰে ।

অসমৰ মহিলাক মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa sarma) আত্মহত্যাৰ বাবে প্ৰৰোচিত কৰাৰ অভিযোগ আনিছে কৃষক মুক্তিয়ে । নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে কৰা ঋণ মাফৰ প্ৰতিশ্ৰুতি ক'ত গ’ল বুলিও প্ৰশ্ন কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ।

দৰিদ্ৰ ৰাইজৰ ঋণ মাফ কৰাৰ দাবী উত্থাপন কৰি অসমত মাইক্ৰ'ফাইনেঞ্চ কোম্পানী আইন প্ৰৱৰ্তন কৰিবলৈ দাবী জনায় সংগঠনটোৱে । লগতে সদনত বিৰোধীক এই আইন প্ৰৱৰ্তন কৰাৰ দাবী উত্থাপন কৰিবলৈ আহবান জনায় কৃষক মুক্তিৰ সম্পাদকগৰাকীয়ে । ইয়াৰ উপৰিও ৰিজাৰ্ভ বেংকৰ নিয়ম ভংগ কৰি চৰকাৰে গাঁৱৰ মহিলাক এটাতকৈ অধিক ঋণৰ বোজা জাপি দিয়াৰ অভিযোগ আনিছে ধৈৰ্য কোঁৱৰে । কেৱল এয়াই নহয়, চৰকাৰৰ আন বহু নীতিৰো সমালোচনা কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক ধৈৰ্য কোঁৱৰে ।

লগতে পঢ়ক:সংকটে লগ এৰা নাই বিধায়ক অখিল গগৈৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.