ETV Bharat / state

অৰুণাচলৰ পৰা অপহৃত হোৱা দুই বিষয়াক মুক্তি !

author img

By

Published : Jan 12, 2021, 6:39 AM IST

কুইপ' কোম্পানীৰ জনৈক চাজে চিংফৌ নামৰ এজন ব্যক্তিক সশস্ত্ৰ সংগঠনৰ তৰফৰ পৰা সোমবাৰে বিয়লি প্ৰায় ৩ বজাত এক ফোনযোগে অপহৃত ব্যক্তি দুজনৰ মুক্তি দিয়ে বুলি প্ৰকাশ । একেদৰে, সশস্ত্ৰ স‌ংগঠনটোৱে গগৈক অপহৰণৰ খবৰো চাজে চিংফৌৰ জৰিয়তেই অৱগত কৰিছিল ৷ অৱশ্যে অপহৃত গগৈ আৰু কুমাৰক ক'ত আৰু কেতিয়া মুক্তি দিলে সেই তথ্য বৰ্তমানেও জানিব পৰা হোৱা নাই ।

অৰুণাচলৰ পৰা অপহৃত হোৱা দুই বিষয়াক মুক্তি !
অৰুণাচলৰ পৰা অপহৃত হোৱা দুই বিষয়াক মুক্তি !

শিৱসাগৰ,12 জানুৱাৰীঃ অৰুণাচলৰ চাঙলাং জিলাৰ ডায়ুনৰ কুইপ' কোম্পানীটোৰ তৈল উৎপাদন ক্ষেত্ৰৰ পৰা অপহৃত দুই বিষয়াৰ মুক্তিৰ খবৰ পোৱা গৈছে ৷ অৱশ্যে শিৱসাগৰ নগৰৰ হাবিৰাম বৰা পথৰ নিৱাসী গগৈ পৰিয়ালে বিষয়া দুগৰাকীৰ মুক্তিৰ সন্দৰ্ভত কোনো আনুষ্ঠানিক খবৰ লাভ কৰা নাই যদিও কুইপ কোম্পানীৰ এক সূত্ৰই এই কথা সদৰী কৰিছে বুলি জানিব পৰা গৈছে ।

উল্লেখযোগ্য যে, কুইপ' কোম্পানীৰ জনৈক চাজে চিংফৌ নামৰ এজন ব্যক্তিক সশস্ত্ৰ সংগঠনৰ তৰফৰ পৰা সোমবাৰে বিয়লি প্ৰায় ৩ বজাত এক ফোনযোগে এই মুক্তিৰ খবৰ দিয়া বুলি প্ৰকাশ কৰে । একেদৰে, সশস্ত্ৰ স‌ংগঠনটোৱে গগৈক অপহৰণৰ খবৰ চাজে চিংফৌৰ জৰিয়তেই জানিবলৈ দিছিল ৷ অৱশ্যে অপহৃত গগৈ আৰু কুমাৰক ক'ত আৰু কেতিয়া মুক্তি দিলে তাৰ কোনো তথ্য বৰ্তমানেও জানিব পৰা হোৱা নাই । তথাপি অপহৰণৰ পাছত চিংফৌ উপাধিৰ লোক জনক ফোনত সশস্ত্ৰ সংগঠনৰ পৰা যোগাযোগ কৰা দিশটোলৈ লক্ষ্য কৰি মুক্তিৰ খবৰটো নিশ্চিত বুলি ধাৰণা কৰিছে কুইপ' কোম্পানীৰ কৰ্তৃপক্ষই ৷ উল্লেখ্য যে, এই প্ৰসংগত অৰুণাচল আৰক্ষী অথবা শিৱসাগৰ আৰক্ষীৰ তৰফৰ পৰা কোনো তথ্য প্ৰকাশ কৰা নাই।

লগতে পঢ়কঃ চৰকাৰলৈ শেষ সকীয়নি লাইকা-দধীয়াবাসীৰঃ 20 জানুৱাৰী শেষ তাৰিখ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.