ETV Bharat / state

ONGC ৰ অপহৰণ কাণ্ডৰ লগত জড়িত বিপ্লৱজ্যোতি মহন !

author img

By

Published : Apr 24, 2021, 5:22 PM IST

Updated : Apr 24, 2021, 6:05 PM IST

শিমলুগুৰি আৰক্ষী থানাত শিৱসাগৰ আৰক্ষী অধীক্ষক অমিতাভ সিনহাৰ সংবাদ মেল । এই সংবাদমেলৰ পাচতে চৰ্চালৈ আহিছে বিপ্লৱজ্যোতি মহনৰ নাম ৷ বিপ্লৱজ্যোতি মহনক সহায় কৰিছিল বিৰাজ চেতিয়াই ৷

লাহোৱালৰ অপহৰণৰ সন্দৰ্ভত চৰ্চালৈ আহিছে বিপ্লৱজ্যোতি মহনৰ নাম

শিৱসাগৰ, 24 এপ্ৰিল : ONGC ৰ তিনি বিষয়া-কৰ্মচাৰী অপহৰণৰ সন্দৰ্ভত শিৱসাগৰ আৰক্ষী অধীক্ষকে সম্বোধন কৰা সংবাদমেলত কেইবাটাও বিস্ফোৰক তথ্য পোহৰলৈ আহিছে ৷ সংবাদমেলৰ পাচতে চৰ্চালৈ আহিছে বিৰাজ চেতিয়া আৰু সামাজিক মাধ্যমত বহু সময়ত চৰ্চাত থকা বিপ্লৱজ্যোতি মহনৰ নাম ৷ ইয়াৰ লগতে সংবাদমেলৰ পাচতে এই অপৰণ কাণ্ডৰ লগত আলফা( স্বা) জড়িত থকাতো এক প্ৰকাৰে স্পষ্ট হৈ পৰিছে ৷ এটা কথা উল্লেখ কৰিব লাগিব যে, এই অপহৰণ কাণ্ড সংঘটিত হোৱাৰ পাচতে সন্দেহৰ আঙুলি গৈছিল আলফালৈ ৷

শিৱসাগৰ জিলাৰ লাকুৱাৰ ১০০-৩ ৰোমানীয়া ৰীগৰ পৰা সন্দেহযুক্ত কোনো লোকে অপহৰণ কৰি নিছিল ONGC ৰ তিনি বিষয়া-কৰ্মচাৰী ক্ৰমে মোহিনী মোহন গগৈ, অলকেশ শইকীয়া আৰু ৰিতুল শইকীয়াক। উক্ত অপহৰণ থলীৰ পৰা কিছু আঁতৰাত পৰৱৰ্তী সময়ত আৰক্ষীয়ে উদ্ধাৰ কৰিছিল এখন বাইক ।

শিৱসাগৰত অপহৰণ কাণ্ডত ব্যৱহৃত বাইক উদ্ধাৰ

আজিৰ এই সন্দৰ্ভত শিমলুগুৰি থানাত সংবাদমেল সম্বোধন কৰে শিৱসাগৰ জিলাৰ আৰক্ষী অধীক্ষক অমিতাভ সিনহাই । এই সংবাদমেলতে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে আৰক্ষী অধীক্ষক অমিতাভ সিনহাই ৷ আৰক্ষী অধীক্ষকজনে সদৰি কৰা মতে নম্বৰ প্লেটবিহীন উক্ত বাইকখনৰ চেছিচ নম্বৰ আৰু ইঞ্জিন নম্বৰৰ ভিত্তিত অনুসন্ধান কৰি ডিব্ৰুগড়ৰ পৰা বিৰাজ চেতিয়া নামৰ এজন লোকক শিৱসাগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ।

এতিয়া প্ৰশ্ন হ'ল, এই অপহৰণৰ লগত এই বাইকখন আৰু বিৰাজ চেতিয়া কেনেকৈ জড়িত হৈ পৰিছিল ? সংবাদমেলত অমিতাভ সিনহাই কয়, বিৰাজ চেতিয়াই প্ৰয়া এমাহৰ আগত বিপ্লৱজ্যোতি মহন নামৰ লোকজনৰ লগত ফেচবুকৰ জৰিয়তে চিনাকী হৈছিল ৷ এই বিপ্লৱজ্যোতি মহনে ফেচবুকৰ জৰিয়তে বিৰাজ চেতিয়াক এখন মটৰ চাইকেল যোগাৰ কৰিবলৈ আহ্বান জনাইছিল ৷ এই বাইকখনৰ বাবে বিপ্লৱজ্যোতি মহনে বিৰাজ চেতিয়াৰ একাউণ্টত প্ৰায় 20 হাজাৰ টকা জমা কৰি দিছিল বুলি কয় অমিতাভ সিনহাই ৷

"আলফাই এই অপহৰণ কাণ্ড সংঘটিত কৰিবৰ বাবে বিৰাজ চেতিয়াই 18 হাজাৰ টকাৰে এখন বাইক ক্ৰয় কৰে ৷ ইয়াৰ পাচতে বিপ্লৱজ্যোতি মহনৰ নিৰ্দেশ মৰ্মে মৰাণত বিৰাজ চেতিয়াই এই বাইকখন দুজন যুৱকক গতাই দিয়ে ৷ ইয়াৰ পৰা এই কথা স্পষ্ট হয় যে, আফলাই বিৰাজ চেতিয়াৰ সহযোগত এই বাইকখন ক্ৰয় কৰি পূৰ্ব পৰিকল্পনা অনুসৰি এই অপহৰণ কাণ্ড সংঘটিত কৰিছে ৷" এইদৰে কয় অমিতাভ সিনহাই ৷

ইফালে বিৰাজ চেতিয়া এই অপহৰণৰ লগত প্ৰত্যক্ষভাৱে জড়িত আছে নেকি বুলি সাংবাদিকে কৰা প্ৰশ্ন উত্তৰত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে আৰক্ষী অধীক্ষক অমিতাভ সিনহাই ৷ এই সন্দৰ্ভত বিপ্লৱজ্যোতি মহনৰ নিৰ্দেশ মৰ্মে এই অপহৰণৰ বাবে বাইক যোগান ধৰাত বিৰাজ চেতিয়া প্ৰত্যক্ষাভাৱে জড়িত কয় আৰক্ষী অধীক্ষক গৰাকীয়ে ৷

বিপ্লৱজ্যোতি মহনৰ সন্দৰ্ভত অমিতাভ সিনহাই কয়, আলফাৰ সামাজিক মাধ্যমৰ পৰিচালনাৰ দায়িত্ব থকা আইছেং অসমে হৈছে বিপ্লৱজ্যোতি মহন ৷ আইছেং অসমৰ দ্বাৰা পৰিচালিত বিপ্লৱজ্যোতি মহন হৈছে এটা ফেচবুক পেজ ৷ বিপ্লৱজ্যোতি মহনৰ লগত চিনাকী হোৱাৰ পাচতে বিৰাজ চেতিয়াৰ ফেচবুক একাউণ্টৰ নাম বিৰাজ অসম বৰচেতিয়া হয় বুলি জানিবলৈ দিয়ে আৰক্ষীৰ অধীক্ষক গৰাকীয়ে ৷

"আলফাই এইদৰে ফেচবুকৰ জৰিয়তে অসমৰ নিবনুৱা বা থলুৱা যুৱক সকলক তেওঁলোকৰ কাৰ্যত ব্যৱহাৰ কৰি আছে ৷ দেশৰ অৰ্থনীতি দুৰ্বল কৰিবৰ কাৰণে অপহৰণৰ দৰে সমাজ বিৰোধী কাৰ্যত আফলাই অসমৰ নতুন প্ৰজন্মক ব্যৱহাৰ কৰি আছে ৷" বিশেষভাৱে সংবাদমেলত এই কথা উল্লেখ কৰে শিৱসাগৰ জিলাৰ আৰক্ষী অধীক্ষক অমিতাভ সিনহাই ।

বৰ্তমান ONGC ৰ দুই বিষয়া-কৰ্মচাৰী মোহিনী মোহন গগৈ আৰু অলকেশ শইকীয়াক নাগালেণ্ড আৰক্ষীৰ সহযোগত আচাম ৰাইফলছৰ এটা দলে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ; কিন্তু এতিয়ালৈকে কোনো সন্ধান পোৱা নাই অতুল শইকীয়াৰ ৷ অতুল শইকীয়াৰ সন্ধান্তত অসম আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে বুলি জানিবলৈ দিছে আৰক্ষীৰ এক বিশেষ সুত্ৰই ৷

লগতে পঢ়ক : ছত্তিশগড়ত মাওবাদীয়ে লাইনচ্যুত কৰিলে যাত্ৰীবাহী ৰে'ল

Last Updated : Apr 24, 2021, 6:05 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.