ETV Bharat / state

কৌমুদালয়: এজাক শিশুৰ জীৱনৰ জয় গান

author img

By

Published : Oct 9, 2020, 9:12 PM IST

এগৰাকী বিশেষভাৱে সক্ষম ছোৱালীক লৈ এগৰাকী মহিলাই গঢ় দিয়া এক অনুষ্ঠান কৌমুদালয়ত ঘৰ পাতিছে এজাক শিশুৱে ৷ কিদৰে চলিছে কৌমুদালয় ? চৰকাৰে শিশুৰ সুৰক্ষাৰ বাবে প্ৰৱৰ্তন কৰি বহু আইন,নিয়ম,আঁচনি প্ৰকৃতাৰ্থত লাভ কৰিছে নে কৌমুদালয়ে ?

কৌমুদালয়
কৌমুদালয়

শিৱসাগৰ, 9 অক্টোবৰ: ভ্ৰুণৰ লিংগ নিৰ্ধাৰণ নিষিদ্ধকৰণ, সাৰ্বজনীন শিক্ষাৰ অধিকাৰ, শিশুশ্ৰম নিষিদ্ধ, সাৰ্বজনীন শিশু পুষ্টি আদিৰ লগতে বিশেষভাৱে সক্ষম শিশু সকলৰ অধিকাৰ ৰক্ষাৰ দিশত ৰাষ্ট্ৰ সংঘৰ লগতে ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰণালয় আৰু শিশু উন্নয়ণ বিভাগে বিভিন্ন নিয়ম বলৱৎ কৰি আহিছে ৷ তথাপিও যেন এতিয়াও শিশুৰ অধিকাৰ আৰু উন্নয়ন সংকটত ৷ এনে সময়ত কিছু লোকৰ প্ৰচেষ্টাত গঠন হোৱা অনুষ্ঠানে এতিয়াও শিশুৰ অধিকাৰ সুৰক্ষিত কৰি এক সামূহিক উন্নয়নৰ চেষ্টা অব্যাহত ৰাখিছে ৷ ইয়াৰ ভিতৰত অন্যতম হ'ল শিৱসাগৰৰ কৌমুদালয় শিশুগৃহ ৷ এগৰাকী মহিলাৰ প্ৰচেষ্টাত ২০১১ চনত গঠন হৈছিল এই সুৰক্ষা অনুষ্ঠানৰ ৷ ৰুণজুন চুতীয়া নামৰ মহিলা গৰাকীৰ বিশেষভাৱে সক্ষম ছোৱালীক লৈ গঢ় লৈ উঠিছিল কৌমুদালয় ৷ একক প্ৰচেষ্টাত বিশেষভাৱে সক্ষম শিশুসকলক সামূহিক সুৰক্ষা, জীয়াই থকাৰ অধিকাৰৰ লগতে প্ৰাথমিক শিক্ষা আৰু কাৰিকৰী শিক্ষা প্ৰদানৰ বাবে গঠন কৰা এই অনুষ্ঠান এতিয়া জীপাল হৈ উঠিছে এজাক শিশুৰ পৰশত ৷ ইয়াত থকা শিশুসকলৰ বহুতৰে ঘৰৰ ঠিকনা নাই । বহু শিশু বিশেষভাৱে সক্ষম । তথাপিও তেওঁলোকে জীৱনৰ জয় গান গাইছে কৌমুদালয়ত ।

২০১৫ চনত ৰাষ্ট্ৰীয় শিশু সুৰক্ষা আইনৰ অধীনত পঞ্জীয়ন হৈছিল কৌমুদালয়

কৌমুদালয় আগুৱাই যোৱাৰ বাটত আছে বহু ঘাত-প্ৰতিঘাত । অভাৱ,অনাটন,সংকট আৰু বাধাৰ মাজত বিশেষভাৱে সক্ষম শিশুৰ লগতে ঠিকনাবিহীন শিশুক অধিকাৰ প্ৰদানৰ বাবে আগবাঢ়ি অহা কৌমুদালয়ে লাভ কৰিছিল ৰাইজৰ সঁহাৰি । ৰাইজে প্ৰদান কৰা সহায় সহযোগিতাক সাৰথি কৰি আগবাঢ়ি যোৱা কৌমুদালয়ে ২০১৫ চনত ৰাষ্ট্ৰীয় শিশু সুৰক্ষা আইনৰ অধীনত পঞ্জীয়ন হোৱাৰ পাচত চৰকাৰৰ তৰফৰ পৰা নাম মাত্ৰ সহায় পাই আহিছে । পিছে এবছৰ বা ডেৰ বছৰৰ মূৰতহে সমাজকল্যাণ বিভাগে সাহায্য প্ৰদান কৰে শিশুগৃহটোক ৷ মূলতঃ নিজস্ব প্ৰচেষ্টা আৰু ৰাইজৰ সহযোগত বৰ্তমান ১৬ গৰাকী বিশেষভাৱে সক্ষম শিশুক লৈ মুঠ ৫১গৰাকী শিশুৰে পৰিচালিত হৈ আছে কৌমুদালয় । বিভিন্ন সময়ত কৌমুদালয়ৰ শিশুসকলে নিজ উদ্ভাৱনীৰে প্ৰস্তুত কৰা বিভিন্ন সামগ্ৰী বিক্ৰী কৰিও ধন সংগ্ৰহ কৰে এই অনুষ্ঠানে।

কৌমুদালয়: এজাক শিশুৰ জীৱনৰ জয় গান

লক ডাউনত এক কঠিন পৰিস্থিতিৰ মাজত দিন পাৰ কৰিছিল কৌমুদালয়ে ৷ সেই সময়খিনিত তাত থকা ৭০ টা শিশুৰ দৈনিক খাদ্য যোগাৰৰ ক্ষেত্ৰত কৰ্তৃপক্ষই যথেষ্ট সমস্যা সন্মুখীন হৈছিল ৷ কিন্তু তেতিয়া কৌমুদালয়ৰ সৈতে ঠিয় দিছিল ৰাইজে ৷ পৰৱৰ্তী সময়ত অভিভাৱক থকা একাংশই নিজ সন্তানক ঘৰলৈ লৈ যায় যদিও এতিয়াও ৫১ গৰাকী শিশুক লৈ পৰিচালিত হৈ আছে কৌমুদালয় ৷ চৰকাৰে শিশুৰ সুৰক্ষাৰ বাবে বহু আইন, নিয়ম, আঁচনি প্ৰৱৰ্তন কৰিছে কিন্তু প্ৰকৃতাৰ্থত পাবলগীয়া অনুষ্ঠান সমূহে সুবিধা সমূহ লাভ কৰিছে নে ?

লগতে পঢ়ক: লিবিয়াত অপহৃত ভাৰতীয়ক স্বদেশলৈ অনাৰ প্ৰয়াস ভাৰত চৰকাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.