নিউজ ডেস্ক, 12 জুন: এখন বিশেষ বিপনী, 1958 চনত স্থাপন হোৱা বিপনীখনৰ নাম ইণ্ডাষ্ট্ৰিয়েল আৰ্ট ৷ শিৱসাগৰ নগৰৰ কে.পি.চাৰিআলিত এটা পুৰণি চাংঘৰত মাত্ৰ ৬০ টকা মূলধন লৈ আৰম্ভ কৰা হৈছিল এক ক্ষুদ্ৰ উদ্যোগ ইণ্ডাষ্ট্ৰিয়েল আৰ্ট । ১৯৬৩ চনত খেলৰ সামগ্ৰী বিক্ৰী প্ৰতিষ্ঠানলৈ সম্প্ৰসাৰিত হোৱা এই ক্ষুদ্ৰ উদ্যোগে ১৯৭১ চনত অসমৰ প্ৰথম ক্ৰীড়া সামগ্ৰী নিৰ্মাণ উদ্যোগৰূপে আত্মপ্ৰকাশ কৰিছিল ৷ তেতিয়াৰ পৰা বিভিন্ন ক্ৰীড়া সামগ্ৰী উৎপাদনত মনোনিৱেশ কৰা ইণ্ডাষ্ট্ৰিয়েল আৰ্ট নামৰ প্ৰতিষ্ঠানে সগৌৰৱে সম্পূৰ্ণ কৰিলে ৬০ বছৰ । এই উদ্যোগত উৎপাদন হোৱা ফুটবল সেই সময়ত শিৱসাগৰত অনুষ্ঠিত হোৱা আন্তঃজিলা ফুটবল প্ৰতিযোগিতাত ব্যৱহৃত হৈ অসম ফুটবল সংস্থাই উৎকৃষ্ট মানদণ্ডৰ বুলি স্বীকৃতি প্ৰদান কৰাৰ পাছত ১৯৯১ চনলৈকে অসমৰ বিভিন্ন ৰাজ্যিক-ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত এই বল ব্যৱহাৰ কৰা হৈছিল । বাংলাদেশ-থাইলেণ্ড আদি দেশতো চাহিদা বৃদ্ধি পাইছিল ইণ্ডাষ্ট্ৰিয়েল আৰ্টৰ ফুটবলৰ । ১৯৭২ চনত নগাঁৱত অনুষ্ঠিত হোৱা স্বাধীনতা কাপ ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেলত ভাৰতীয় ফুটবল দলৰ প্ৰাক্তন অধিনায়ক টি.আও আৰু বিখ্যাত ফুটবল খেলুৱৈ নূৰুল আমিন আদিয়ে ইণ্ডাষ্ট্ৰিয়েল আৰ্টৰ ফুটবলক "অসমৰ গৌৰৱ" বুলি স্বীকৃতি প্ৰদান কৰে । তেতিয়াৰ পৰা এই বলে অসম গৌৰৱৰূপে পৰিচয় লাভ কৰে ৷ এনে গৌৰৱ আগত লৈ প্ৰতিষ্ঠান খনে সম্পূৰ্ণ কৰা ৬০ বছৰ উপলক্ষে আজিৰ পৰা আৰম্ভ কৰিছে হীৰক জয়ন্তী উদযাপন ।
লগতে পঢ়ক: ছয়গাঁও কাণ্ড : প্ৰাক্তন বিধায়ক কমলা কলিতাক উভতি ধৰিলে আব্দুৰ ৰেজ্জাকে
হীৰক জয়ন্তী উপলক্ষে আজি এক সভা অনুষ্ঠিত হোৱাৰ লগতে ৫ জুলাই তাৰিখলৈ প্ৰতিষ্ঠান খনে ৰেহাই মূল্যত খেলৰ সামগ্ৰী বিক্ৰীৰ ব্যৱস্থা কৰিছে ।