আমগুৰি ,১৩ মাৰ্চ: ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়াও অব্যাহত আছে বালিৰ লগতে শিলৰ অবৈধ খনন । বিভিন্ন প্ৰান্তত অবাধে চলিছে বালি আৰু পলসৰ উপৰি শিলৰ অবৈধ খনন কাৰ্য । ৰাজ্য়ৰ আন জিলাৰ লগতে শিৱসাগৰ জিলাৰ বিহুবৰতো চলিছে ভূ-মাফিয়াৰ দপদপনি (Land mafia terror in Sivasagar)। ইয়াৰ মাজতেই সোমবাৰে সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা । এনে খনন কৰি থাকোতেই এজন বুলড’জাৰ চালকৰ মৃত্যু হোৱাক লৈ জিলাখনত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।
শিৱসাগৰ জিলাৰ বিহুবৰত অবৈধ শিল খননৰ ফলত এজন ব্যক্তিৰ মৃত্যু হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে । জিলাখনৰ নাজিৰাৰ বিহুবৰত দীৰ্ঘদিনৰ পৰা চলি আহিছে অবৈধ খনন (Illegal mining in Nazira)। ইয়াৰ পিছতো উৰ্ধতম কৰ্তৃপক্ষৰ চূড়ান্ত হেমাহিৰ বাবে আজি নাজিৰা বিহুবৰত সংঘটিত হ’ল এক ভয়ংকৰ দুৰ্ঘটনা । কৰ্মৰত অৱস্থাতে এজন বুলড’জাৰৰ চালকে মৃত্যুক সাৱতি লয় । মৃত লোকজনৰ নাম ধৃৰাজ শইকীয়া (৩১) । মৃত লোকজনৰ ঘৰ লখিমপুৰত বুলি জানিব পৰা গৈছে । ৰহস্যজনকভাৱে আজি বুলড’জাৰ চালকৰ মৃত্যুৰ বাতৰিটোও এক প্ৰকাৰৰ গাপ দিবলৈ চেষ্টা কৰা হৈছিল যদিও সংবাদ মাধ্যম উপস্থিত হোৱাত কিছু কথা স্পষ্ট হৈ পৰে ।
উল্লেখযোগ্য যে ,বিগত সময়তো এখন ডাম্পাৰ একে পৰিস্থিতিত ৰহস্যজনকভাৱে বাগৰি পৰাৰ পাছতো কিন্তু গা নলৰিল বিয়াগোম বন-বিভাগ, বিহুবৰ আৰক্ষী তথা শিৱসাগৰ আৰু নাজিৰা প্ৰশাসনৰ । নাজিৰাৰ নগৰৰ সন্মুখেৰে এনেদৰে অবৈধ শিল, মাটি আৰু কয়লা সৰবৰাহ হোৱাৰ পাছতো নিৰৱ ভুমিকাত বিহুবৰ আৰক্ষী । দীৰ্ঘদিনৰ পৰা নাজিৰাত চলি অহা এই অবৈধ খননত কোন জড়িত হৈ আছে সেয়া পোহৰলৈ আহিবনে বুলি ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে । আজিৰ এই ঘটনাটোৰ বাবে দায়ী কোন সেয়া তদন্ত হ’ব নে নহয় তাকলৈও ৰাইজে সন্দেহ প্ৰকাশ কৰিছে ।
স্থানীয় ৰাইজে অভিযোগ কৰা মতে, বন বিভাগৰ লগতে আৰক্ষীক মেনেজ কৰি একাংশ নেতা-পালি নেতাই অবাধেভাৱে চলাই আহিছে খনন কাৰ্য । বহু ফুট গভীৰলৈকে বন মাফিয়াই চলাই গৈছে অবৈধ খনন ৷ ৰাইজে এই ক্ষেত্ৰত ব্য়ৱস্থা গ্ৰহণ কৰিবলৈ প্ৰশাসনক দাবী জনাইছে ।
লগতে পঢ়ক:Barbarism of Jorhat Police: মন্দিৰৰ ভিতৰলৈ জোতা পৰিধান কৰি গৈ নিৰীহক প্ৰহাৰ যোৰহাট আৰক্ষীৰ