শিৱসাগৰ, 22 নৱেম্বৰ : অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে এতিয়া কঠোৰ হৈ পৰিছে শিৱসাগৰ আৰক্ষী (Sivasagar police)। দেওবাৰে শিৱসাগৰ সদৰ থানাৰ আৰক্ষীয়ে এক অবৈধ সুৰা(Illegal liquor) সৰবৰাহকাৰী চক্ৰক উৎখাত কৰি যথেষ্ঠ পৰিমাণৰ বিদেশী সুৰা জব্দ কৰাৰ লগতে এই অবৈধ সুৰা সৰবৰাহকাৰী (Illegal liquor supplier) চক্ৰটোৰ লগত জড়িত এজন লোকক আটক কৰে ।
শিৱসাগৰ সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া যুগল কিশোৰ কলিতাই জানিবলৈ দিয়া তথ্য অনুসৰি এক গোপন সূত্ৰৰ পমখেদি শিৱসাগৰ আৰক্ষীয়ে শিৱসাগৰ নগৰৰ মাজমজিয়াত এখন বেটাৰী ৰিক্সাত তালাচী চলাই অবৈধভাৱে সৰবৰাহ কৰি থকা চাৰি কাৰ্টন বিদেশী সুৰাৰ লগতে দেশীয় সুৰা জব্দ কৰে । ঘটনাৰ লগত জড়িত শিৱসাগৰ নগৰৰ ৰূপালীম চিনেমা হলৰ (Rupalim Cinema hall) সমীপৰ বাবলু ৰাউত নামৰ এজন ব্যক্তিক ইতিমধ্যে আটক কৰিছে আৰক্ষীয়ে ।
উল্লেখযোগ্য যে, সুৰাৰ এনেধৰণৰ সৰবৰাহকাৰী সকলে নগৰৰ বিভিন্ন স্থানত গঢ় লৈ উঠা অবৈধ সুৰাৰ ঘাটি সমূহত বহুদিনৰ পৰাই যোগান ধৰি আহিছে সুৰাৰ ।মাত্ৰ দুটা দিনত শিৱসাগৰ সদৰ থানাৰ আৰক্ষীয়ে অবৈধ সুৰাৰ বহু কেইটা ঘাটি উচ্চেদ কৰাৰ লগতে বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰি ব্যৱসায়ৰ লগত জড়িত বহু লোকক আটক কৰিছে ।
আনহাতে নগৰত বৃদ্ধি পোৱা বাইক চোৰৰ সন্ত্ৰাস ৰোধ কৰিবলৈ আৰক্ষীয়ে অভিযান চলাই চুৰি বাইক উদ্ধাৰৰ লগতে চোৰকো কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে । আৰু বৰ্তমান এই ক্ষেত্ৰত শিৱসাগৰ আৰক্ষীৰ এক বৃহৎ সফলতা বুলি ক'ব পাৰি ৷
লগতে পঢ়ক : আমগুৰি আৰক্ষীয়ে জব্দ কৰে লালিগুৰ