ETV Bharat / state

অনিয়মেৰে বিক্ৰীৰ অভিযোগেৰে আমগুৰিত চৰকাৰী চাউল ভৰ্তি বাহন জব্দ

শিৱসাগৰ জিলাৰ আমগুৰি সমবায় সমিতিৰ হৈ চাউল কঢ়িওৱা এখন বাহনক কেন্দ্ৰ কৰি নামতিত সৃষ্টি হৈছে প্ৰতিক্ৰিয়া । আমগুৰি সমবায় সমিতিৰ অন্তৰ্গত নামতিৰ সূলভ মূল্যৰ দোকানৰ এজন এজেণ্টে অনিয়মেৰে বিক্ৰীৰ বাবে অনা সমবায় সমিতিৰ ২,৮৭০ কুইণ্টল চাউল ভৰ্তি এখন মিনি ট্ৰাক জব্দ কৰি অঞ্চলটোৰ স্থানীয় ছাত্ৰ সংগঠনে গটাই দিলে নামতি আৰক্ষীক ।

author img

By

Published : Aug 14, 2020, 3:46 PM IST

illegal govt supply rice captured by local student union at namati
অনিয়মেৰে বিক্ৰীৰ অভিযোগেৰে আমগুড়িত চৰকাৰী চাউল ভৰ্তি বাহন জব্দ

আমগুৰি, ১৪ আগষ্ট: শিৱসাগৰ জিলাৰ নামতিৰ জোলা গাঁৱৰ ছাদিকুৰ ৰহমান নামৰ সুলভ মূল্যৰ এজেন্ট গৰাকীয়ে নথি বিহীন ভাৱে এখন ৪০৭ মিনি ট্ৰাকত সমবায়ৰ বুজন পৰিমানৰ চাউল কঢ়িয়াই অনাৰ অভিযোগ উঠিছে ।

প্ৰায় ২,৮৭০ কুইন্টল চাউল এখন মিনি ট্ৰাকৰে আনি গোপনে এটা গুডামত ৰাখিব লোৱা অৱস্থাতে স্থানীয় দুটা ছাত্ৰ সংগঠনে এই বৃহৎ অনিয়ম হাতে-লোটে ধৰা পেলায় ।

নামতি আঞ্চলিক ছাত্ৰ সন্থা আৰু আটাছুৱে সন্মিলিত ভাৱে এএচ-০৫-চি ১০৯৫ নম্বৰৰ ট্ৰাকখন আৰু সূলভ মূল্যৰ চাউলখিনি উদ্ধাৰ কৰি নামতি আৰক্ষীক গতাই দিয়াৰ লগতে এখন এজাহাৰো দাখিল কৰে ।

ইতিমধ্যে আৰক্ষীয়ে চাউল সহ গাড়ীখন জব্দ কৰাৰ লগতে এই অনিয়ম সন্দৰ্ভত অব্যাহত ৰাখিছে তদন্ত।

উল্লেখ্য যে,নামতিৰ জোলা গাঁৱৰ ছাদিকুৰ ৰহমান নামৰ এই গৰাকী সুলভ মূল্যৰ এজেন্টৰ বিৰুদ্ধে পূৰ্বেও অনিয়মেৰে আঁচনিৰ চাউল বিক্ৰীৰ অভিযোগ উত্থাপিত হৈ আহিছিল । নামতি আঞ্চলিক ছাত্ৰ সন্থা আৰু আটাছুৱে সুলভ মূল্যৰ এজেন্ট ছাদিকুৰ ৰহমানৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষীক জনাইছে দাবী ।

লগতে চাওকঃ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ স্বাস্থ্যৰ শেহতীয়া খবৰ ...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.