ETV Bharat / state

সমস্যা সমাধান নকৰিলে ভোট বৰ্জনৰ হুংকাৰ আমগুৰিবাসীৰ - প্ৰতিবাদী সভা

শিৱসাগৰত ৰাইজৰ প্ৰতিবাদী সভা ৷ সমস্যা সমাধান নকৰাৰ বাবে প্ৰতিবাদী সভা পাতি ভোট বৰ্জনৰ হুংকাৰ ৰাইজৰ ৷

If the problem is not solved, the people of Amguri will shout to boycott the polls
সমস্যা সমাধান নকৰিলে ভোট বৰ্জনৰ হুংকাৰ আমগুৰিবাসীৰ
author img

By

Published : Oct 11, 2020, 4:39 PM IST

আমগুৰি, 11 অক্টোবৰ : শিৱসাগৰ জিলাৰ আমগুৰি সমষ্টিৰ ৰূপহীমুখৰ ৰাইজে দেওবাৰে সাব্যস্ত কৰিলে প্ৰতিবাদ ৷ অঞ্চলটোৰ সমস্যা সমূহ বিগত বছৰে সমাধান নকৰাৰ বাবে ৰাইজে সাব্যস্ত কৰিলে প্ৰতিবাদ ৷

উল্লেখ্য যে, 1950 চনৰ ভূমিকম্পৰ পিচৰ পৰাই বান আৰু খহনীয়াৰ লগত যুঁজ দি অহা আমগুৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰূপহীমুখ গাঁওখন এই বৰ্ষত 7 টাকৈ বানে তচনচ কৰিছে । মহাবাহুৱে সৃষ্টি কৰা নতুন সূঁতিত বিলীন হ'ল 7 টাকৈ পৰিয়ালৰ মাটি-ভেঁটি । নদীত বালিত পোত গ'ল শ শ বিঘা গেৰ ধৰা কৃষিভূমি ।

ভুক্তভোগী গঞাৰ মন্তব্য

একমাত্ৰ যাতায়তৰ পথ এতিয়া নদীৰ সুঁতি । অতি বিপদ সংকুল ভাৱে পাৰ হ’ব লাগে নদীৰ সূঁতি ৷ ৰাইজৰ অভিযোগ, ৰাইজৰ কাষত বৰ্তমানলৈও জিলা প্ৰশাসন তথা জনপ্ৰতিনিধি উপস্থিত হোৱা নাই ৷ যাৰবাবে প্ৰতিবাদী সভা পাতি ক্ষোভ উজাৰে বানাক্ৰান্ত ৰাইজে ।

স্থানীয় গাঁওবুঢ়াৰ মন্তব্য

প্ৰতিবাদী ৰাইজে তেওঁলোকৰ সমস্যা সামধান নকৰিলে প্ৰথমে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ আৰু প্ৰয়োজনত ভোট বৰ্জনৰ দৰে সিদ্ধান্ত গ্ৰহণ কৰিব বুলি সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে ।

লগতে পঢ়ক : শনিবাৰে শুভমুক্তি দৰ্শন শইকীয়াৰ নতুন এলবাম "আবেগ"

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.