ETV Bharat / state

লক ডাউনৰ সময়ত দৰিদ্ৰজনৰ কাষত "হ'মৰাহি" - লক ডাউন

এটা হোৱাটচএপ গ্ৰুপৰ আদৰণীয় পদক্ষেপ । ২০০ ৰো অধিক দুখীয়া পৰিয়ালক খাদ্য সামগ্ৰী বিতৰণ ।

লক ডাউনৰ সময়ত দৰিদ্ৰজনৰ কাষত "হ'মৰাহি"
লক ডাউনৰ সময়ত দৰিদ্ৰজনৰ কাষত "হ'মৰাহি"
author img

By

Published : Apr 3, 2020, 6:49 PM IST

শিৱসাগৰ, 3 এপ্ৰিলঃ হোৱাটচএপ গ্ৰুপ কেৱল আদ্দাত মচগুল হ'বলৈ নহয়, নহয় মাত্ৰ আমোদ-খোৰাকৰ বাবে। একো একোটা হোৱাটচএপ গ্ৰুপৰ সদস্য একত্ৰিত হৈ কৰিব পাৰে সমাজৰ হিতকৰ বহু কাম । এনে আদৰণীয় কৰ্ম শিৱসাগৰত সম্পন্ন কৰিছে "হ'মৰাহী" নামৰ শিৱসাগৰৰ এটা হোৱাটচএপ গ্ৰুপে ।

দৰিদ্ৰজনৰ কাষত
দৰিদ্ৰজনৰ কাষত "হ'মৰাহি"
কৰ'ণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবৰ বাবে দেশত জাৰি কৰা ২১ দিনীয়া লক ডাউনৰ মাজত ৰাইজৰ উপলব্ধ হ'ব পৰাকৈ অত্যাৱশ্যকীয় সামগ্ৰীৰ পৰ্যাপ্ত যোগান অব্যাহত আছে যদিও দেশৰ শ্ৰমজীৱি লোক সকল ব্যাপক সমস্যাৰ সন্মূখীন হৈছে । লক ডাউনৰ বাবে দৈনিক শ্ৰম কৰি পেট প্ৰৱৰ্তন কৰা লোক সকলে পোহপাল দিব পৰা নাই পৰিয়াল ।
Humrahi helps to needy
২০০ ৰো অধিক দুখীয়া পৰিয়ালক খাদ্য সামগ্ৰী বিতৰণ
এনে সময়তে শিৱসাগৰৰ শ্ৰমজীৱি লোক সকলৰ ওচৰত ঠিয় দিছে "হ'মৰাহী" নামৰ হোৱাটচএপ গ্ৰুপৰ সদস্য । হ'মৰাহী গ্ৰুপৰ সদস্য সকলে আজি শিৱসাগৰ নগৰৰ খাটপথাৰ অঞ্চলৰ শ্ৰমজীৱি লোক সকলৰ মাজত চাউল, দাইল, তেল, আলু, পিঁয়াজ, বিস্কুট আদি বিভিন্ন খাদ্য সামগ্ৰী বিতৰণ কৰে । আজি খাটপথাৰৰ প্ৰায় দুশ পৰিয়ালক হ'মৰাহীৰ তৰফৰ পৰা প্ৰায় পাঁচ দিনৰ সামগ্ৰী বিতৰণ কৰে । পৰৱৰ্তী দিনতো গ্ৰুপটোৰ তৰফৰ পৰা এনে বিতৰণ শ্ৰমজীৱি লোক সকলৰ মাজত অব্যাহত ৰাখিব । আজি "হ'মৰাহী"ৰ বিতৰণ অনুষ্ঠানত শিৱসাগৰ বিজেপি দলৰ বিষয়া-সদস্যই অংশগ্ৰহণ কৰে।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.