আমগুৰি, 20 জুন : আজি ৰাভা দিৱস ৷ ৰাভা দিৱসৰ এইক্ষণত সমগ্ৰ ৰাজ্যই সুঁৱৰিছে সৈনিক শিল্পী বিষ্ণু প্ৰসাদ ৰাভাক ৷ কিন্তু কলাগুৰুৰ নাম ৰাজ্যৰ চৌদিশে গুঞ্জৰিলেও আজিও এলাগী হৈ ৰৈছে কলাগুৰুৰ এগৰাকী দেহৰক্ষী ৷ প্ৰতিবছৰে কেৱল ৰাভা দিৱসৰ এই বিশেষ দিনটোতেহে চৰ্চালৈ আহে তেখেতৰ নাম ৷
তেৱেই হৈছে ১৯৪৫ চনৰ পৰা এবছৰ তিনিমাহ ধৰি বিষ্ণু প্ৰসাদ ৰাভাৰ দেহৰক্ষী হিচাপে কৰ্মৰত আমগুৰিৰ দ্বিতীয়গৰাকী কমৰেড পূৰ্ণানন্দ গগৈ ৷ চৰকাৰৰ দ্বাৰা অৱহেলিত হৈ আজিও উৰুখা পঁজাত জীৱন অতিবাহিত কৰা এইগৰাকী কমৰেড পূৰ্ণানন্দ গগৈ এসময়ত কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ দেহৰক্ষী তথা নেতাজী সুভাষ চন্দ্ৰ বসুৰ আজাদ হিন্দ ফৌজৰ অন্যতম সেনানী আছিল ৷ স্বাধীনতা আন্দোলনৰ বীৰ যোদ্ধা পূৰ্ণানন্দ গগৈ ১৯৪৫ চনৰ পৰা এবছৰ তিনিমাহ ধৰি বিষ্ণু প্ৰসাদ ৰাভাৰ দেহৰক্ষী হিচাপে কৰ্মৰত থকাৰ লগতে হাবিয়ে-জংঘলে ঘূৰি বৃটিছৰ পৰাধীনতাৰ ছিঙি স্বাধীনতা আঁজুৰি অনাৰ বাবে বিষ্ণুৰাভাৰ আদৰ্শৰে অনুপ্ৰাণিত হৈছিল ৷ বহুবাৰ কাৰাবাস খাটি, বৃটিছৰ গুলীত গুলিবিদ্ধ হোৱা কমৰেড পূৰ্ণানন্দ গগৈ জননেতা খগেন বৰবৰুৱাৰো দেহৰক্ষী হিচাপে কৰ্মৰত আছিল ৷
কিন্তু আজিও চৰকাৰৰ দ্বাৰা এলাগী হৈ ৰ'ল আমগুৰিৰ দ্বিতীয় কমৰেড গৰাকী ৷
মুক্তিযুঁজাৰুৰ নামত ৰাজ্যৰ চৰকাৰে বিভিন্ন আঁচনি ৰূপায়িত কৰিলেও কোনো এখন আঁচনিয়ে ঢুকি নাপালে কমৰেড পূৰ্ণানন্দ গগৈক ৷ মুক্তি যুঁজাৰুৰ পেঞ্চন বাদেই চৰকাৰী বাসগৃহ এটাও লাভ কৰিলে এইগৰাকী সেনানীয়ে ৷ বয়সৰ আঁচোৰ পৰিলেও উৰুখা পঁজাতে জীৱনৰ 96 টা বছৰ অতিক্ৰম কৰা কমৰেড পূৰ্ণানন্দ গগৈ আজিও তজবজীয়া হৈয়ে আছে ৷ আজিও নিজে চাইকেল চলাই সমাজৰ হিতৰ কাৰণে ঘূৰি ফুৰি আছে কমৰেড পূৰ্ণানন্দ গগৈয়ে ৷
লগতে পঢ়ক : জৰাজীৰ্ণ অৱস্থাত কলাগুৰুৰ সমাধিস্থলী