ETV Bharat / state

মে-ডাম-মে-ফিত হাউচি : জাঙুৰ খাই উঠিছে দল-সংগঠন

Me Dam Me Phi : মে-ডাম-মে-ফিত হাউচি খেল অনুষ্ঠিত কৰাৰ প্ৰস্তুতি ৷ ইতিমধ্যে টিকটৰ ফটো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে ৷ জাঙুৰ খাই উঠিছে জাতীয় সংগঠন ৷

author img

By ETV Bharat Assamese Team

Published : Dec 18, 2023, 9:25 PM IST

Me Dam Me Phi
জাঙুৰ খাই উঠিছে জাতীয় সংগঠন
মে ডাম মে ফিত হাউচি খেল অনুষ্ঠিত কৰাক লৈ প্ৰতিক্ৰিয়া

শিৱসাগৰ, 18 ডিচেম্বৰ : পবিত্ৰ মে-ডাম-মে-ফিৰ দিন চমু চাপি অহাৰ সময়তে তিনিচুকীয়াৰ ধলাত একাংশৰ চকু কপালত উঠা কাণ্ড ৷ মে-ডাম-মে-ফিত হাউচি খেল অনুষ্ঠিত কৰাৰ প্ৰস্তুতি একাংশৰ ৷ এই কাৰ্যক লৈ এতিয়া চৌদিশে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

টাই আহোম সকলৰ পবিত্ৰ মে-ডাম-মে-ফিত হাউচি খেল অনুষ্ঠিত কৰাৰ বাবে প্ৰস্তুত কৰা টিকটৰ ফটো ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে ৷ এই কাণ্ডত জাঙুৰ খাই উঠিছে আহোম জনগোষ্ঠীয় তথা কেইবাটাও জাতীয় সংগঠন ৷

পূৰ্বপুৰুষ সকলক স্মৰণ কৰা, শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পৰিৱৰ্তে পবিত্ৰ মে-ডাম-মে-ফিত জুৱা সদৃশ হাউচি খেল অনুষ্ঠিত কৰিবলৈ লোৱাটো কোনোপধ্যেই যুক্তি সংগত হ'ব নোৱাৰে বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আটাছুৰ কেন্দ্ৰীয় সভাপতি বসন্ত গগৈয়ে ৷ মে-ডাম-মে-ফিত হাউচি খেল অনুষ্ঠিত কৰিবলৈ লোৱা সকলক গৰিহণা দিয়াৰ লগতে এনে অদ্ভূত, দৃষ্টিকটু কাৰ্যসূচী বাতিলৰ দাবী জনাইছে আটাছুৰ কেন্দ্ৰীয় সভাপতি বসন্ত গগৈয়ে ।

ইফালে বীৰ লাচিত সেনা অসমৰ নেতা শৃংখল চলিহাইয়ো সকিয়নী প্ৰদান কৰিছে এই কাৰ্যৰে জৰিত উদ্যোক্তাসকলক ৷ বীৰ লাচিত সেনাৰ তৰফৰ পৰা এই সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰা হ’ব বুলিও জানিবলৈ দিয়ে বীৰ লাচিত সেনাৰ নেতা গৰাকীয়ে ৷ এই সন্দৰ্ভত শৃংখল চলিহাই কয় - "আমাৰ আবেগৰ লগত খেলা কৰিবলৈ দিয়া নহ’ব ৷ ঘটনা সন্দৰ্ভত লাচিত সেনাৰ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা সংগঠনটোৰ তিনিচুকীয়া জিলা সমিতিক সেই সকল ব্যক্তিৰ ওপৰত এজাহাৰ দিবলৈ নিৰ্দেশ দিয়া হৈছে ৷"

উল্লেখ্য যে উদ্যোক্তা সকলে 300 সদস্যৰ মাজত হাউচি খেল অনুষ্ঠিত কৰাৰ বাবে প্ৰতিটো টিকটৰ মূল্য ধাৰ্য কৰিছে এহেজাৰ টকাকৈ ৷

লগতে পঢ়ক : মাৰ্ঘেৰিটাত চিলিণ্ডাৰ বিষ্ফোৰণত ১৫ টা বাসগৃহ ভষ্মীভূত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.