আমগুৰি,১৯ জানুৱাৰী: আমগুৰি সমষ্টিত চিকিৎসা ব্যৱস্থাৰ পয়ালগা অৱস্থাই বিভিন্ন সমস্যাৰ সৃষ্টি কৰি আহিছে ৷ বৃটিছৰ সময়ৰে জাঁজী সহায়কাৰী প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ আন্ত:গাঠনিৰ দুৰৱস্থাই স্বাস্থ্যবিভাগৰ পয়ালগা স্বৰূপ উদঙাইছে।
ইপিনে ৰোগীৰ চিকিৎসাৰ কোনো উপযুক্ত ব্যৱস্থা নথকা,এম্বুলেন্স নথকা,খোৱাপানীৰ ব্যৱস্থা নথকা ইত্যাদি এশ এবুৰি সমস্যাৰে ভাৰাক্ৰান্ত চিকিৎসালয়খনৰ ৰোগী চোৱাৰ গৃহবিলাক ভাগি উৱলি যোৱাৰ লগতে চিকিৎসক-কৰ্মচাৰী থকা গৃহবিলাক মেৰামতি নকৰা বুলি প্ৰকাশ কৰিছে একাংশ স্থানীয় ৰাইজে । অতি শীঘ্ৰে ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে ৷