ETV Bharat / state

শিৱসাগৰত পৰিস্থিতিৰ বুজ লবলৈ উপস্থিত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা

author img

By

Published : Jun 6, 2020, 4:47 AM IST

শিৱসাগৰৰ জিলা সদৰত উপস্থিত হৈ মন্ত্ৰী গৰাকীয়ে জিলা উপায়ুক্ত কাৰ্যালয়ৰ চুকাফা কক্ষত জিলা প্ৰশাসনৰ মুৰব্বী সকলৰ সৈতে এক বৈঠকত মিলিত হৈ জিলাখনৰ পৰিস্থিতিৰ বুজ লোৱাৰ উপৰিও আগন্তুক দিনত গ্ৰহণ কৰিব লগা ব্যৱস্থা সন্দৰ্ভতো আলোচনা কৰে ৷

শিৱসাগৰত পৰিস্থিতিৰ বুজ লবলৈ উপস্থিত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা
শিৱসাগৰত পৰিস্থিতিৰ বুজ লবলৈ উপস্থিত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা

শিৱসাগৰ, 6 জুনঃ শুকুৰবাৰে নিশা শিৱসাগৰত উপস্থিত হয় অসম চৰকাৰৰ স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ৷ উপস্থিত হৈ মন্ত্ৰী গৰাকীয়ে জিলাখনৰ কৰ'ণা ভাইৰাছ সংক্ৰমণ আৰু প্ৰশাসনে এই ৰোগ ৰোধৰ বাবে লোৱা ব্যৱস্থা সন্দৰ্ভত বুজ লয় ৷

জিলা সদৰত উপস্থিত হৈ মন্ত্ৰী গৰাকীয়ে জিলা উপায়ুক্ত কাৰ্যালয়ৰ চুকাফা কক্ষত জিলা প্ৰশাসনৰ মুৰব্বী সকলৰ সৈতে এক বৈঠকত মিলিত হৈ জিলাখনৰ পৰিস্থিতিৰ বুজ লোৱাৰ উপৰিও আগন্তুক দিনত গ্ৰহণ কৰিব লগা ব্যৱস্থা সন্দৰ্ভত আলোচনা কৰে ৷ বৈঠকৰ অন্তত মন্ত্ৰী গৰাকীয়ে সাংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰি জিলাখনৰ পৰিস্থিতি সন্দৰ্ভত অৱগত কৰি বৰ্তমানে জিলাখন সুৰক্ষিত বুলি উল্লেখ কৰে ৷

বৰ্তমান জিলাখনৰ ২৭ গৰাকী লোক COVID-১৯ ৰোগত আক্ৰান্ত আছে যদিও ইয়াৰ একাংশ চৰাইদেও জিলাৰ অন্তৰ্গত ৷ এই সমূহ লোক বহিঃ ৰাজ্যৰ পৰা অহা আৰু জিলাখনত বৰ্তমান কোনো সামূহিক সংক্ৰমণ নাই বুলি উল্লেখ কৰ মন্ত্ৰী গৰাকীয়ে ৷ লগতে মন্ত্ৰী গৰাকীয়ে সকলোকে সামাজিক ব্যৱধান আৰু আন প্ৰতিৰোধমূলক ব্যৱস্থা সমূহ পালন কৰি যোৱাৰ বাবে সকলো ৰাইজকে আহ্বান জনায় ৷

আনহাতে ভৱিষ্যতৰ দিনত হ'ব পৰা সংক্ৰমণৰ কথা উল্লেখ কৰি মন্ত্ৰী গৰাকীয়ে শিৱসাগৰ নগৰৰ আদৰ্শ চিকিৎসালয়ত ক’ভিড ৱাৰ্ড নিৰ্মণ কৰিব লোৱা বুলি কৈ এই দিশত জিলা উপায়ুক্ত গৰাকীয়ে ব্যৱস্থা গ্ৰহণ কৰিব বুলি কয়৷ আনহাতে বৰ্তমানৰ পৰিস্থিতিত সাংবাদিকৰ শোচনীয় অৱস্থাক লৈ কৰা প্ৰশ্নত মন্ত্ৰী গৰাকীয়ে ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.